NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকাৰ আদালতত দোষী সাব্যস্ত ছলমান ৰুশ্বদিৰ আক্ৰমণকাৰীঃ ন্যূনতম ৩০ বছৰৰ কাৰাদণ্ড দিয়াৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 22, 2025 5:01 pm

ভাৰতীয় মূলৰ লেখক ছলমান ৰুশ্বদিৰ ওপৰত আক্ৰমণৰ বাবে দোষী সাব্যস্ত হৈছে হাদী মাটাৰ (২৭)। আমেৰিকাৰ আদালতত তেওঁৰ বিচাৰ সম্পূৰ্ণ হৈছে। অৱশ্যে এতিয়াও ঘোষণা কৰা হোৱা নাই শাস্তি। ২৩ এপ্ৰিলত নিউয়ৰ্কৰ আদালতত হাদীক শাস্তি প্ৰদান কৰা হ’ব। যিটো ধাৰাত তেওঁক দোষী সাব্যস্ত কৰা হৈছে, সেই ধাৰাত ন্যূনতম ৩০ বছৰৰ কাৰাদণ্ডৰ শাস্তি হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, হাদী নিউ জাৰ্চিৰ বাসিন্দা। ২০২২ চনত আমেৰিকাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত তেওঁ ৰুশ্বদিৰ ওপৰত মাৰাত্মক আক্ৰমণ চলাইছিল। ৰুশ্বদিয়ে মঞ্চত উঠি চোকা অস্ত্ৰৰে তেওঁক আক্ৰমণ কৰিবলৈ ধৰিলে। বুকাৰ বিজয়ী ব্ৰিটিছ লেখকগৰাকীয়ে ছুৰীৰে আঘাত কৰি মঞ্চত ঢলি পৰে। কেইবাদিনো তেওঁক ভেন্টিলেচনত ৰখা হৈছিল। ‘The Satanic Verses’ ৰ লেখকজনে এই আক্ৰমণৰ ফলত এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলালে যদিও পিছত তেওঁ সুস্থ হৈ উঠে। এখন হাত অসাৰ হৈ পৰিছে।

ৰুশ্বদিৰ আক্ৰমণকাৰী দীৰ্ঘদিন ধৰি আমেৰিকাৰ এখন কাৰাগাৰত বন্দী হৈ আছিল। এই মাহতে নিউয়ৰ্কৰ কাউন্টি আদালতত তেওঁৰ বিচাৰ আৰম্ভ হৈছিল। ৰুশ্বদিক আক্ৰমণ কৰা ঠাইৰ পৰা এই আদালত ঘৰটো বেছি দূৰত নহয়। হাদীক ৰুশ্বদিক আক্ৰমণ আৰু হত্যাৰ চেষ্টা কৰাৰ দোষী সাব্যস্ত কৰা হয়। তদুপৰি সেইদিনা হেনৰী ৰিছে মঞ্চত ৰুশ্বদিৰ সাক্ষাৎকাৰ লৈ আছিল। যুৱকজনেও তেঁওক খুন্দা মাৰিলে। সেই অভিযোগো প্ৰমাণিত হৈছে। ফলত হাদীকো অস্ত্ৰৰে আক্ৰমণৰ দোষী সাব্যস্ত কৰা হয়। আমেৰিকাৰ আইন অনুসৰি এই অভিযোগত দোষী সাব্যস্ত হ’লে ৩০ বছৰ বা তাতকৈ অধিক কাৰাদণ্ড হ’ব পাৰে।

উল্লেখ্য যে, ৰুশ্বদিয়ে ১৯৮৮ চনত ‘The Satanic Verses’ উপন্যাসখন লিখিছিল। এই বিতৰ্কিত উপন্যাসখনৰ বাবে ইৰাণৰ ধৰ্মগুৰুজনে তেওঁৰ বিৰুদ্ধে ‘মৃত্যুৰ ফতোৱা’ জাৰি কৰিছিল। ৰুশ্বদিয়ে অসংখ্য মৃত্যুৰ ভাবুকি লাভ কৰিছিল। আক্ৰমণৰ ভয়ত প্ৰায় ৯ বছৰ ধৰি আত্মগোপন কৰিবলগীয়া হৈছিল। পাছত ৰাজহুৱা স্থানত ওলাই আহিছিল যদিও নিৰাপত্তাৰক্ষীৰ তলত বাস কৰিছিল। সেই উপন্যাসখন লিখাৰ প্ৰায় ৩৫ বছৰৰ পাছত আমেৰিকাৰ মঞ্চত তেওঁক আক্ৰমণ কৰা হৈছিল।