NORTHEAST NOW (Assamese)
অসম

মাতৃত্বৰ “গৌৰৱ” আৰু যন্ত্ৰণা বিনাশিনী “কৃত্ৰিম গৰ্ভ”ৰ আগমন!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 13, 2019 5:15 pm
Artificial womb: No longer a distant dream?

“কৃত্ৰিম গৰ্ভ” সৃষ্টিৰ ক্ষেত্ৰত শেহতীয়াকৈ তাৎপৰ্য্যপূৰ্ণ সন্ধিক্ষণত উপনীত হৈছে বিজ্ঞানীসকল।

সকলো যদি ঠিকে থাকে সোনকালেই আহিব সেই দিন, য’ত মাতৃ হাত সাৰিব সন্তান জন্ম দিয়াৰ মাৰাত্মক যন্ত্ৰণাৰ পৰা। চালচলনত পিতৃৰ দৰেই মুক্ত থাকিব মাতৃ আৰু সন্তান ডাঙৰ হ’ব কৃত্ৰিম গৰ্ভত।

দ্বিতীয়তে, “ব’ৰ্দাৰ অৱ ভায়েবিলিতি” (Border Of Viability/ ২১- ২৪ সপ্তাহৰ মানৱ ভ্ৰূণ)ত “অকাল” জন্মা শিশুকো এই কৃত্ৰিম গৰ্ভত বচাব পৰা যাব। মাতৃগৰ্ভৰ দৰেই উমাল, নিয়ন্ত্ৰিত (পুষ্টিযুক্ত তেজ যোগান) পৰিৱেশত।

আজিৰ সময়চোৱা সন্ধিক্ষণৰূপে পৰিগণিত হোৱাৰ কাৰণেই হৈছে চিকিৎসা, জৈৱপ্ৰযুক্তিগতভাৱে “কৃত্ৰিম গৰ্ভ” বিকাশৰ প্ৰায় সম্ভৱপৰ অৱস্থা এটাত বিজ্ঞানীসকল আহি উপস্থিত হৈছে। আৰু এই সময়ত আগত আহিব আইনী আৰু নৈতিকতাজনিত  প্ৰশ্নসমূহ।

এমেৰিকান জাৰ্নেল অৱ অবস্তেত্ৰিকছ এণ্ড গাইনকলজিত শেহতীয়াকৈ পোন প্ৰথমবাৰৰ বাবে এই সম্পৰ্কীয় গৱেষণাৰ প্ৰথমলানি তথ্য প্ৰকাশিত হৈছে।

এক সম্পূৰ্ণ কৃত্ৰিম-গৰ্ভফুল (Placenta/ প্ৰাকৃতিক গৰ্ভফুলৰ জৰিয়তে গৰ্ভস্থ সন্তানে মাকৰ পৰা পুষ্টি পায়) নিয়ন্ত্ৰিত পৰিৱেশত ভেৰাৰ ভ্ৰূণ (foetus অৰ্থত) ডাঙৰ কৰাত বিজ্ঞানীসকল সমৰ্থ হৈছে।

পৰীক্ষাটোত ব্যৱহৃত ভেৰাৰ ভ্ৰূণটোৰ বয়স আছিল ২৪ সপ্তাহ (=মানৱ ভ্ৰূণ)। পৰিপক্ক ভেৰা পোৱালি জন্মত সময় লয় ১৫০ সপ্তাহ।

“এ জে অ’ জি ষ্টাদিটোত আমি মানৱ গৰ্ভৰ ২৪ সপ্তাহ অৱস্থাৰ অতিকৈ আগতীয়া (preterm) ভেৰা এক সুস্থিৰ, বৃদ্ধি-স্বাভাৱিক অৱস্থাত পাঁচদিনৰ কাৰণে চাপ’ৰ্ট যোগাই প্ৰথমবাৰৰ কাৰণে আমি এই প্ৰযুক্তিৰ ব্যৱহাৰ প্ৰমাণ কৰিছো,” পৰীক্ষাটোত জৰিত ইউনিভাৰ্ছিটি অৱ ৱেষ্টাৰ্ন অষ্ট্ৰালিয়াৰ সহকাৰী অধ্যাপক মেথিউ কেম্পৰ বিবৃতি।

অষ্ট্ৰালিয়া আৰু জাপানৰ বিজ্ঞানীৰ দলটোৱে যোৱা মাৰ্চত এই গৱেষণাটো প্ৰদৰ্শন কৰিছে।

বিজ্ঞানীসকলে ভেৰা বাচনি কৰাৰ কাৰণ— ক) ভেৰা ভ্ৰূণৰ গৰ্ভত বিকাশৰ ধৰণ মানুহ সদৃশ, খ) মানৱ সন্তানৰ গৰ্ভ সময় প্ৰায় ৯ মাহ হোৱাৰ বিপৰীতে ভেৰাৰ প্ৰায় ৫ মাহ।

লগতে পঢ়ক– চীনত মানুহ আৰু বান্দৰৰ খচ্চৰ

লগতে পঢ়ক– পৃথিৱীৰ দুই বৃ্হৎ অৰ্থনীতি— “পুঁজিবাদী” এমেৰিকা আৰু কমিউনিষ্ট পাৰ্টিৰ একনায়কত্বৰ অধীন চীন জন গণতন্ত্ৰত ছী-চে’ক্সনৰ হাৰ অতি উদ্বেগজনক, ক্ৰমে ৩২.২ আৰু ৪৭ শতাংশ

লগতে পঢ়ক– ডঃ বৰুৱাৰ প্ৰতিধ্বনিৰে বৃটিশ্ব চাৰ্জনৰ দাবী– গাহৰি কলিজাই সলাব হৃদ চিকিৎসাৰ জগত

পশ্চিমত (পূবৰ জাপান, এতিয়া কিছু পশ্চিমীয়া বিজ্ঞানী লৈ চীন) বহু দশকজুৰি এই ক্ষেত্ৰত গৱেষণা চলি আছিল যদিও “কৃত্ৰিম গৰ্ভ”ৰ শেহতীয়া সাফল্য মাইলৰ খুঁটিসদৃশ।

বৰ্তমানৰ আই ভি এফ আৰু ছাৰ’গে’চি দুয়োটাৰে লগতে এই কৃত্ৰিম গৰ্ভৰ তুলনা নহয়। কাৰণ উপলব্ধ দুয়োটা পদ্ধতিৰ ক্ষেত্ৰতে মানৱ দেহৰ প্ৰয়োজন।

কিন্তু, সমস্যা হৈছে কৃত্ৰিম গৰ্ভৰ মানৱ ট্ৰায়েল এতিয়াও হোৱা নাই। কাৰণ, মানৱ ভ্ৰূণৰ বিকাশজনিত গৱেষণাৰ এতিয়াও “১৪ দিন”ৰ এক নিষিদ্ধতা আছে।

জীৱ বিজ্ঞানীসকলে সাধাৰণতে এনে পৰীক্ষাত “১৪ দিন”ৰ সীমা মানি চলে। দুসপ্তাহতকৈ কম সময়ত মানৱ ভ্ৰূণত মানুহৰ স্নায়ুতন্ত্ৰ গঢ় ল’ব নোৱাৰে।