• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান! ছীজাৰিয়ান প্ৰসৱক লৈ সজাগ হওক, দেশজুৰি জাৰি আছে কেন্দ্ৰৰ নিৰ্দেশ

পৃথিৱীৰ দুই বৃ্হৎ অৰ্থনীতি— “পুঁজিবাদী” এমেৰিকা আৰু কমিউনিষ্ট পাৰ্টিৰ একনায়কত্বৰ অধীন চীন জন গণতন্ত্ৰত ছী-চে’ক্সনৰ হাৰ অতি উদ্বেগজনক, ক্ৰমে ৩২.২ আৰু ৪৭ শতাংশ।

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2019 6:04 pm
C-section births increasing at alarming rate especially at private health facilities in Assam

প্ৰতীকী ছবি। সৌজন্য-- af.mil

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছীজাৰিয়ান প্ৰসৱ বিপদাপন্ন প্ৰসূতি আৰু গৰ্ভজাত শিশুৰ এক নিঃসন্দেহ প্ৰাণ ৰক্ষাকাৰী জৰুৰী বা পৰিকল্পিত হস্তক্ষেপমূলক শল্য চিকিৎসা পদক্ষেপ। কিন্তু স্বাভাৱিক প্ৰসৱেই হৈছে আদৰ্শ।

কিন্তু ভাৰতত, বিশেষকৈ ব্যক্তিগত চিকিৎসালয়সমূহত, ছী-চে’ক্সনে স্বাভাৱিক প্ৰসৱৰ ৰূপ ল’বলৈ আগবঢ়াত দেশজোৰা নিৰ্দেশ জাৰি কৰিব লগা হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে।

Apply Now

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী অশ্বিনী কুমাৰ দুবেই ৰাজ্য সভাত এই সন্দৰ্ভত মঙলবাৰে লিখিত উত্তৰ প্ৰদান কৰিছে।

মন্ত্ৰীজনে জনোৱা মতে, সমগ্ৰ দেশজুৰি ছী-চে’ক্সন সন্দৰ্ভত প্ৰসূতি আৰু স্ত্ৰী ৰোগ বিশেষজ্ঞ চিকিৎসকসকলক “সজাগ” কৰা আৰু “অপ্ৰয়োজনীয় ছীজাৰিয়ান প্ৰসৱ ৰোধ” কৰাৰ বাবে ২০১৫ চনতে মন্ত্ৰ্যালয়ে নিৰ্দেশনা জাৰি কৰিছে।

বৰ্তমানলৈকে দেশৰ অন্তিমটো স্বাস্থ্য জৰীপ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-IV (২০১৫-১৬) অনুসৰি, ভাৰতৰ ব্যক্তিগত স্বাস্থ্য কেন্দ্ৰত মুঠ প্ৰসৱৰ ৪০.৯ শতাংশই ছীজাৰিয়ান। তাৰ বিপৰীতে ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰত এই হাৰ কেৱল ১১.৯ শতাংশ।

অসমত ব্যক্তিগত চিকিৎসালয়ত এই হাৰ অধিক উদ্বেগজনক। বিপৰীতে ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰসমূহে এই ক্ষেত্ৰত সন্তোষজনক উন্নতি দেখুৱাইছে।

২০০৫-০৬ চনত একে জৰীপত অসমৰ ব্যক্তিগত চিকিৎসালয়ত ছীজাৰিয়ান প্ৰসৱৰ হাৰ আছিল ২৬.৭ শতাংশ, কিন্তু এই হাৰ অন্তিমটো জৰীপত সম্পূৰ্ণ দুগুণ (৫৩.৩ শতাংশ)লৈ বৃদ্ধি পাইছে।

ব্যক্তিগত চিকিৎসালয়ৰ বিপৰীতে ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰত ২০০৫-০৫ৰ ২১ শতাংশৰ পৰা ২০১৫-১৬ত ১২.৯ শতাংশলৈ ছীজাৰিয়ান প্ৰসৱৰ হাৰ হ্ৰাস পাইছে। গাওঁ অঞ্চলত এই হাৰ অধিক সন্তোষজনক, ১১.৪ শতাংশ।

অথচ, বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, “জনসংখ্যাৰ স্তৰত, ১০ শতাংশতকৈ অধিক হাৰৰ ছীজাৰিয়ান চে’ক্সন প্ৰসূতি আৰু নৱজাতকজনিত মৃত্যুৰ হাৰ হ্ৰাসৰ সৈতে সম্পৰ্কিত নহয়”।

সেয়ে, দেশৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞসকলৰ সংস্থা এফ অ’ জি এছ আই (Federation of Obstetrical and Gynaecologists in India)ক তেওঁলোকৰ অন্তৰ্ভুক্ত সকলো চিকিৎসকৰে মাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ বিবৃতি বিতৰণৰ বাবে মন্ত্ৰ্যালয়ে পত্ৰ প্ৰেৰণ কৰিছে, মন্ত্ৰীজনে জনায়।

ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত সংশ্লিষ্ট চিকিৎসকৰ মাজতো বিশ্ব স্বাস্থ্য সংস্থাৰ বিবৃতি বিতৰণৰ বাবে অসমকে ধৰি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত পৰিষদৰ প্ৰধান সচিব আৰু মিছন সঞ্চালকক মন্ত্ৰ্যালয়ে নিৰ্দেশ (OM M.12015/182/2015-MCH) দিছিল।

লগতে, কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি (CGHS)ৰ অন্তৰ্ভুক্ত সকলো চিকিৎসালয়তে স্বাভাৱিক আৰু ছীজাৰিয়ান প্ৰসৱৰ অনুপাতৰ তথ্য প্ৰদৰ্শন কৰিবলৈয়ো মন্ত্ৰ্যালয়ে নিৰ্দেশ (OM Z15025/2017) দি থৈছে।

বৰ্ধিত ছীজাৰিয়ান প্ৰসৱত উদ্বিগ্নতা প্ৰকাশ কৰি এই সন্দৰ্ভত “জৱাবদায়ী আৰু স্বচ্ছ” এক ব্যৱস্থা কৰাৰ বাবে কেন্দ্ৰ চৰকাৰৰ হস্তক্ষেপ বিচাৰি ২০১৭ চনত ১.৩ লাখতকৈয়ো অধিক স্বাক্ষৰকাৰীয়ে এক অনলাইন আবেদন কৰিছিল।

“ছীজাৰিয়ান প্ৰসৱ এটা ব্যৱসায়ত পৰিণত হৈছে,” আবেদনখনৰ উদ্যোক্তা মুম্বাইৰ সুবৰ্ণা ঘোষে নিজৰ উদাহৰণ দাঙি ধৰি কৰা মন্তব্যৰ উদ্ধৃতি।

কিন্তু ছী-চেক্সনৰ বৰ্ধিত হাৰত উদ্বিগ্নতা প্ৰকাশ কৰিও নাম প্ৰকাশ কৰিব নোখোজা গুৱাহাটীৰ এগৰাকী প্ৰসূতি আৰু স্ত্ৰী ৰোগ বিশেষজ্ঞই কয় যে ইয়াত আন দিশো আছে।

“বহু সময়ত প্ৰসূতি বা তেওঁৰ পৰিয়ালে নিজেই ছীজাৰিয়ান প্ৰসৱক অগ্ৰাধিকাৰ দিয়ে। আকৌ চিকিৎসকৰ নিৰাপত্তাৰ কথাও আছে,” তেওঁ কয়।

বহুলোক বিশেষকৈ আধুনিক শিক্ষিত লোকৰ মাজত ছীজাৰিয়ান প্ৰসৱ আধুনিক, বৈজ্ঞানিক, মাতৃ আৰু শিশুৰ ভৱিষ্যতৰ কাৰণে মংগলদায়ক (যেনে– মাকৰ পেলভিক ফ্লৰৰ কাৰণে ভাল বা শিশুৱে কষ্ট কম পায় ইত্যাদি) আৰু নিৰাপদ বুলি এক ধাৰণা আছে।

উল্লেখিত অনলাইন আবেদনকাৰী ঘোষে আনকি মন্তব্য কৰিছিল যে খোদ চিকিৎসকেই তেওঁক ছীজাৰিয়ান প্ৰসৱ বেছি ভাল আৰু অধিক বিজ্ঞানসন্মত বুলি পতিয়ন নিয়াইছিল।

প্ৰসূতিজনিত জটিলতাৰ ক্ষেত্ৰত প্ৰাণৰক্ষাকাৰী যদিও ছীজাৰিয়ান প্ৰসৱত সংক্ৰমণজনিত জটিলতা, শিশু আৰু মাতৃৰ ক্ষেত্ৰত দীৰ্ঘকালত প্ৰভাৱ পেলাব পৰা আন বহু উদ্বেগজনক দিশ থকা বুলিহে চিকিৎসা বিজ্ঞানীসকলে মত পোষণ কৰে।

পৃথিৱীৰ দুই বৃ্হৎ অৰ্থনীতি— “পুঁজিবাদী” এমেৰিকা আৰু কমিউনিষ্ট পাৰ্টিৰ একনায়কত্বৰ অধীন চীন জন গণতন্ত্ৰত এই হাৰ অতি উদ্বেগজনক, ক্ৰমে ৩২.২ আৰু ৪৭ শতাংশ।

চিকিৎসাৰ সুবিধাই উপলব্ধ নোহোৱা এফ্ৰিকাৰ বহু অনুন্নত দেশত আনুষ্ঠানিক ছীজাৰিয়ানৰ হাৰ স্বাভাৱিকতে কম। কিন্তু সেয়া চিকিৎসা “ব্যৱস্থা”ৰেই অনুপস্থিতিৰ হিচাপ।

অত্যাধুনিক সু-সংহত চিকিৎসা ব্যৱস্থা থকা কিন্তু ছী-চেক্সন প্ৰসৱৰ হাৰ কম দেশ কিছুমান হ’ল– নিউ জিলেন্দ, বৃটন, কেনাদা, নৰৱে’, ফিনলেন্দ আৰু আইচলেন্দ।

শেষৰ দেশ তিনিখনে বিশ্ব স্বাস্থ্য সংস্থাৰ আদৰ্শ ছীজাৰিয়ান প্ৰসৱ হাৰ (১০-১৫ শতাংশ)ও ধৰি ৰাখিছে।

এইসমূহ দেশত বিভিন্ন পৰ্য্যায়ত স্বাস্থ্যৰ ৰাজহুৱা যতন (social care)ৰ নিশ্চিতি আছে, আয়ৰ অসমতা কম। তাত সামাজিক ন্যায় হৈছে সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd