অসমৰ কাছাৰ জিলাৰ এটা পৰিয়ালৰ ছয়জন সদস্যৰ ভিতৰত পাঁচজনক ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি প্ৰদান কৰিছে শিলচৰৰ চতুৰ্থ বিদেশী ন্যায়াধিকৰণে। ২০২২ চনত বিদেশী ঘোষণা কৰা এই পৰিয়ালটোৰ গোচৰসমূহ মূল নথি-পত্ৰৰ ভিত্তিত পুনৰ বিবেচনা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পাছত ন্যায়াধিকৰণে এই নতুন ৰায় প্ৰদান কৰে। অৱশ্যে পৰিয়ালটোৰ ৭৫ বছৰীয়া মুৰব্বী মোহনলাল দাসে ১৯৬৬ চনৰ পূৰ্বৰ নাগৰিকত্বৰ দাবী প্ৰমাণ কৰাত পুনৰবাৰ ব্যৰ্থ হয়।
শিলচৰৰ চতুৰ্থ বিদেশী ন্যায়াধিকৰণৰ সদস্য ৰঞ্জন ৰয়ে পৰিয়ালটোৰ সৈতে জড়িত তিনিটা গোচৰ একত্ৰিত কৰি যোৱা ৬ নৱেম্বৰত ১১ পৃষ্ঠাজোৰা এই ৰায় প্ৰদান কৰিছিল যদিও মঙলবাৰেহে সিদ্ধান্তটো ৰাজহুৱা হয়। ৰায়টোত মোহনলাল দাসৰ প্ৰয়াত পত্নী প্ৰমিলা দাস আৰু তেওঁলোকৰ চাৰিজন সন্তান সুমনবালা, পুষ্পবালা, সুধন আৰু মধু দাসক ‘বিদেশী নহয়’ অৰ্থাৎ ভাৰতীয় নাগৰিক বুলি ঘোষণা কৰা হয়। দক্ষিণ অসমৰ শিলচৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগত অৱস্থিত কাটিগড়া আৰক্ষী থানাৰ অন্তৰ্গত ছৈয়দপুৰ গাঁৱৰ বাসিন্দা এই পৰিয়ালটোৰ ক্ষেত্ৰত একেখন ঘৰৰে সদস্যসকলে নাগৰিকত্বৰ দাবীত পৃথক পৃথক ৰায় লাভ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।
উল্লেখযোগ্য যে বিদেশী ন্যায়াধিকৰণসমূহ হৈছে অৰ্ধ-ন্যায়িক সংস্থা, যিয়ে সন্দেহযুক্ত অবৈধ অনুপ্ৰৱেশকাৰীসকল ভাৰতীয় নাগৰিক নে বিদেশী তাক নিৰ্ধাৰণ কৰে। এই ন্যায়াধিকৰণৰ সিদ্ধান্তক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব পাৰি। কাছাৰৰ আৰক্ষী অধীক্ষকে ২০০৬ চনত পৰিয়ালটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ন্যায়াধিকৰণে ২০১৭ চনত গোচৰসমূহৰ শুনানি আৰম্ভ কৰে আৰু ১৯৬৪ চনত ভাৰতত প্ৰৱেশ কৰা বুলি কৰা দাবীৰ সপক্ষে মূল নথি-পত্ৰ দাখিল কৰাত ব্যৰ্থ হোৱাত ২০২২ চনৰ ২১ মে’ত পৰিয়ালটোৰ সকলো সদস্যকে বিদেশী ঘোষণা কৰে।
বিদেশী ন্যায়াধিকৰণৰ সেই বিৰূপ ৰায়ক প্ৰত্যাহ্বান জনাই দাস পৰিয়ালে ২০২২ চনৰ ৬ ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। চলিত বৰ্ষৰ ১৬ ছেপ্টেম্বৰত উচ্চ ন্যায়ালয়ে মূল নথি-পত্ৰৰ ভিত্তিত তিনিওটা গোচৰ পুনৰ বিবেচনা কৰিবলৈ ন্যায়াধিকৰণক নিৰ্দেশ দিছিল। সেই নিৰ্দেশৰ পাছতে পৰিয়ালটোৰ পাঁচজন সদস্যই ভাৰতীয় নাগৰিকত্বৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে যদিও পৰিয়ালৰ মুৰব্বী মোহনলাল দাসৰ নাগৰিকত্বৰ বিষয়টো এতিয়াও অনিশ্চিত হৈয়ে ৰ’ল।




