চীনৰ প্ৰযুক্তি নগৰী ছেনজেনত বৃহস্পতিবাৰে বিশ্বৰ তিনি মহাশক্তি আমেৰিকা, চীন আৰু ৰাছিয়াৰ শীৰ্ষ নেতাসকল প্ৰথমবাৰৰ বাবে এক ঐতিহাসিক ত্ৰিপাক্ষিক বৈঠকত মিলিত হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত অনুষ্ঠিত হোৱা এই আলোচনাই ভূ-ৰাজনৈতিক ক্ষেত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। চীন, ৰাছিয়া আৰু আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধানসকল প্ৰথমবাৰৰ বাবে একত্ৰিত হোৱা বুলি উল্লেখ কৰি ছি জিনপিঙে এই বৈঠকক যুগান্তকাৰী আখ্যা দিয়ে।
বৈঠকৰ আৰম্ভণিতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ৱাশ্বিংটনৰ সৈতে মতানৈক্য থকা দেশসমূহৰ নেতাসকলৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰি তেওঁ আমেৰিকাৰ বৈদেশিক নীতিত এক নতুন পথ গ্ৰহণ কৰিছে। বিশ্বৰ তিনিখন সৰ্ববৃহৎ দেশৰ ৰাষ্ট্ৰপতি হিচাপে কেৱল নিজ দেশৰ জনসাধাৰণকেই নহয়, সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলোৱা বিষয়সমূহৰ ওপৰত মুকলি, সন্মানজনক আৰু ফলপ্ৰসূ আলোচনা অব্যাহত ৰখাৰ এক বিশেষ দায়িত্ব তেওঁলোকৰ ওপৰত আছে বুলি ট্ৰাম্পে মন্তব্য কৰে। প্ৰতিদ্বন্দ্বীৰ সৈতে আলোচনা পৰিহাৰ কৰি কেতিয়াও কোনো সমস্যাৰ সমাধান বা শান্তি প্ৰতিষ্ঠা হোৱা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।
ট্ৰাম্পৰ সুৰতে সুৰ মিলাই চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে তিনিওখন দেশৰ মাজত অধিক সহযোগিতাৰ আহ্বান জনায়। বৃহৎ শক্তিসমূহৰ মাজত ইতিবাচক বাৰ্তালাপ কোনো বিকল্প নহয়, বৰং ই এক বাধ্যতামূলক প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে। মানৱ সমাজ আজি এক ‘বিশ্ব গাঁও’ত (Global Village) বসবাস কৰিছে, য’ত সকলোৰে ভাগ্য ইটোৱে-সিটোৰ সৈতে জড়িত বুলি কৈ ছি জিনপিঙে শান্তিপূৰ্ণ সহাৱস্থান, সামগ্ৰিক স্থিৰতা আৰু ভাৰসাম্যপূৰ্ণ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে মস্কোৰ সৈতে বেইজিঙৰ সম্প্ৰসাৰিত কৌশলগত অংশীদাৰিত্ব আৰু ৱাশ্বিংটনৰ সৈতে স্থিৰ সম্পৰ্ক বজাই ৰখাৰ প্ৰচেষ্টাৰ কথাও দোহাৰে।
আনহাতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয় যে ৰাছিয়া, চীন আৰু আমেৰিকাই গঠনমূলকভাৱে কাম কৰিলে বিশ্বৰ নিৰাপত্তা আৰু স্থিৰতা অধিক শক্তিশালী হ’ব। ইউক্ৰেইন সংঘাতকে ধৰি আঞ্চলিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত তিনিওখন দেশৰ বহু উমৈহতীয়া স্বাৰ্থ আছে বুলি উল্লেখ কৰি পুটিনে কয় যে ট্ৰাম্পৰ উদ্যোগতেই এই বৈঠকত ইউক্ৰেইন যুদ্ধৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছে। পঞ্চম বছৰত ভৰি দিয়া ইউক্ৰেইন যুদ্ধৰ অৱসান ঘটাক লৈ ট্ৰাম্পে আশাবাদী মনোভাৱ প্ৰকাশ কৰে। ইয়াৰ উপৰিও আলোচনাত পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ বিষয়টোও স্থান পোৱাৰ ইংগিত দি ট্ৰাম্পে স্বীকাৰ কৰে যে এবাৰ পাৰমাণৱিক অস্ত্ৰ আহৰণ কৰাৰ পাছত কোনো দেশক সেই অস্ত্ৰ ত্যাগ কৰিবলৈ মান্তি কৰোৱাটো অতি কঠিন।
এই ত্ৰিপাক্ষিক বৈঠকৰ পৰা কোনো বৃহৎ তাৎক্ষণিক ফলাফল ওলোৱাৰ আশা কম যদিও ৰাষ্ট্ৰপতি ট্ৰাম্পে কোনো সম্ভাৱনাক নাকচ নকৰি কিবা এটা সমাধান ওলোৱাৰ আশা ব্যক্ত কৰে। উল্লেখযোগ্য যে এই ত্ৰিপাক্ষিক বৈঠকৰ পূৰ্বে দিনটোৰ আগভাগত ট্ৰাম্পে পুটিন আৰু ছি জিনপিঙৰ সৈতে সুকীয়াকৈ দ্বিপাক্ষিক বৈঠকতো মিলিত হৈছিল। বিশ্বৰ তিনিওগৰাকী শীৰ্ষ নেতাৰ এই আলোচনাই আগন্তুক দিনত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু আন্তঃৰাষ্ট্ৰীয় কূটনীতিত কি নতুন গতি প্ৰদান কৰে, তাৰ প্ৰতি সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে।




