বিহাৰৰ গয়া জিলাৰ দুই ভাতৃয়ে আৰ্থিক প্ৰত্যাহ্বান অতিক্ৰম কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষাত সফলতা অৰ্জন কৰিছে। গয়াৰ শস্যৰ বজাৰত কুলী হিচাপে কাম কৰা মনোজ কুমাৰে পুত্ৰদ্বয়ৰ উচ্চ শিক্ষাৰ সপোন পূৰণ কৰিবলৈ নিজৰ মালিকানাধীন দুডোখৰ কৃষিভূমিৰ এডোখৰ বিক্ৰী কৰি দুয়োকে ৰাজস্থানৰ ক‘টালৈ ক‘চিঙৰ বাবে পঠিয়াইছিল। সেই ত্যাগ আৰু দুবছৰীয়া কঠোৰ প্ৰস্তুতিৰ অন্তত জ্যেষ্ঠ ভাতৃ ছনু ৰাজে চিকিৎসা বিজ্ঞান আৰু কনিষ্ঠ ভাতৃ মনু ৰাজে অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তিৰ যোগ্যতা অৰ্জন কৰিছে।
মনোজ কুমাৰ আৰু গৃহিণী ৰেশ্মী দেৱীৰ জ্যেষ্ঠ পুত্ৰ ছনু ৰাজে ২০২৬ বৰ্ষৰ নিট পৰীক্ষাত ৬৩৬ নম্বৰ লাভ কৰি দিল্লীস্থিত চেন্ট্ৰেল আৰ্মড পুলিচ ফ‘ৰ্চেছ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছত নামভৰ্তিৰ বাবে যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে মনোজ কুমাৰে গয়াৰ শস্যৰ বজাৰত কুলী হিচাপে কৰ্মৰত হোৱাৰ উপৰিও কৃষিজাত সামগ্ৰী বিক্ৰীৰ মধ্যস্থতা কৰি কমিছনৰ জৰিয়তে পৰিয়াল পোহপাল দি আহিছে।
আনহাতে, ছনুৰ কনিষ্ঠ ভাতৃ মনু ৰাজে জে ই ই মেইন পৰীক্ষাত ৯৩ পাৰ্চেণ্টাইল লাভ কৰি চৰকাৰী অনুদানপ্ৰাপ্ত কাৰিকৰী প্ৰতিষ্ঠান বিৰলা ইনষ্টিটিউট অৱ টেকন‘লজী, মেছৰাৰ কেমিকেল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমত নামভৰ্তি নিশ্চিত কৰিছে। দুয়ো ভাতৃয়ে ৰাজস্থানৰ ক‘টাত একেলগে দুবছৰ থাকি এলেন কেৰিয়াৰ ইনষ্টিটিউটত নিজ নিজ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল।
দুবছৰীয়া নিৰন্তৰ অধ্যৱসায়, ধৈৰ্য আৰু পিতৃ-মাতৃৰ ত্যাগৰ ফলত লাভ কৰা এই সফলতাই পৰিয়ালটোৰ লগতে স্থানীয় অঞ্চলটোতো গৌৰৱ কঢ়িয়াই আনিছে। বৰ্তমান দুই ভাতৃয়ে নিজ নিজ নিৰ্বাচিত উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তি কৰি চিকিৎসা আৰু অভিযান্ত্ৰিক ক্ষেত্ৰত ভৱিষ্যৎ গঢ়াৰ বাবে সাজু হৈছে।





