• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীত আনুষ্ঠানিকভাৱে মুকলি একশ্যন-থ্ৰিলাৰ অসমীয়া ছবি ‘তীব্ৰ’ৰ আকৰ্ষণীয় ট্ৰেইলাৰ

জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী আৰু শংকুৰাজ কোঁৱৰৰ কণ্ঠৰ গীতসমৃদ্ধ তথা জুলফি শ্বেখ আৰু প্ৰীতি কংগনা অভিনীত এখন সম্পূৰ্ণ মনোৰঞ্জনধৰ্মী একশ্যন-থ্ৰিলাৰ ছবি উপহাৰ দিবলৈ সাজু ১৯ বছৰীয়া পৰিচালক আব্ৰাৰ

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
November 19, 2026 9:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া চলচ্চিত্ৰ জগতত বাণিজ্যিক ধাৰাৰ একশ্যন ছবিৰ এক নতুন জোৱাৰ তোলাৰ লক্ষ্যৰে দৰ্শকৰ মাজলৈ আহি আছে নতুন অসমীয়া ছবি ‘তীব্ৰ’। প্ৰযোজক নীতা সুৰেশ শৰ্মাৰ সহযোগত ‘ড্ৰীম হাউছ প্ৰডাকচনছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডে’ ১৫ নৱেম্বৰ, ২০২৬ তাৰিখে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মেঘদূত ৰেস্তোৰাঁত (পূৰ্বৰ মেঘদূত চিনেমা হল) আনুষ্ঠানিকভাৱে মুকলি কৰে এই বহুপ্ৰত্যাশিত ছবিখনৰ আকৰ্ষণীয় ট্ৰেইলাৰ। মাত্ৰ ১৯ বছৰীয়া তৰুণ চলচ্চিত্ৰ নিৰ্মাতা আব্ৰাৰে পৰিচালনা কৰা ‘তীব্ৰ’ অহা ২৭ নৱেম্বৰ, ২০২৬ তাৰিখে ৰাজ্যৰ ছবিগৃহসমূহত মুক্তি লাভ কৰিব।

 

Apply Now

উল্লেখযোগ্য যে এখন পূৰ্ণাংগ একশ্যন-থ্ৰিলাৰ ছবি হিচাপে নিৰ্মাণ কৰি উলিওৱা ‘তীব্ৰ’ত সমগ্ৰ অসমৰ দৰ্শকে লাভ কৰিব নিৰৱচ্ছিন্ন শিহৰণ, শ্বাসৰুদ্ধকাৰী একশ্যন দৃশ্য আৰু হৃদয়স্পৰ্শী প্ৰেমৰ এক অনন্য অভিজ্ঞতা। বৃহৎ পৰ্দাৰ এই মনোৰঞ্জনধৰ্মী ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নৱাগত অভিনেতা জুলফি শ্বেখ আৰু অভিনেত্ৰী প্ৰীতি কংগনাই। দুয়োগৰাকী নৱাগত শিল্পীৰ সতেজ যুটি আৰু পৰ্দাত তেওঁলোকৰ বলিষ্ঠ উপস্থিতিয়ে ছবিখনত এক বিশেষ মাত্ৰা সংযোজন কৰিছে।

 

ইফালে, ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ এই অনুষ্ঠানটোত উপস্থিত থকা সংবাদ মাধ্যমৰ প্ৰতিনিধি, আমন্ত্ৰিত অতিথি আৰু চলচ্চিত্ৰপ্ৰেমীসকলে ছবিখনৰ ক্ষিপ্ৰগতিশীল তথা আৱেগিক কাহিনীভাগৰ প্ৰথমটো আভাস লাভ কৰে। মুকলিৰ লগে লগে ট্ৰেইলাৰটোৱে সকলোৰে পৰা বিপুল সঁহাৰি লাভ কৰা পৰিলক্ষিত হয়। আনহাতে, ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ লগে লগে চলিত মাহৰ শেষৰ ফালে হ‘বলগীয়া ‘তীব্ৰ’ৰ শুভমুক্তিক লৈ দৰ্শকৰ মাজত সৃষ্টি হৈছে প্ৰবল উৎকণ্ঠা।

 

গুৰুত্বপূৰ্ণ কথা যে ট্ৰেইলাৰত ফুটি উঠা দুৰ্দান্ত একশ্যন আৰু ৰহস্য-উৎকণ্ঠাৰ সমান্তৰালভাৱে ছবিখনৰ আন এক মূল আকৰ্ষণ হৈছে ইয়াৰ সমৃদ্ধ সংগীত সম্ভাৰ। অসমীয়া সংগীত জগতৰ মহীৰূহ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী আৰু শংকুৰাজ কোঁৱৰকে ধৰি কেইবাগৰাকীও শীৰ্ষ গায়ক-গায়িকাই ছবিখনৰ গীতসমূহত কণ্ঠদান কৰিছে। তদুপৰি পৰাগ প্ৰিয়ম নাথৰ আৱহ সংগীতে একশ্যন দৃশ্যসমূহক অধিক শক্তিশালী কৰি তোলাৰ লগতে কাহিনীৰ আৱেগিক মুহূৰ্তসমূহকো এক বিশেষ গভীৰতা প্ৰদান কৰিছে।

 

সংগীত আৰু একশ্যনৰ এনে সুন্দৰ সমাহাৰেৰে ‘ড্ৰীম হাউছ প্ৰডাকচনছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেড’ৰ বেনাৰত নিৰ্মিত এই ছবিখনে দাঙি ধৰিছে তৰুণ পৰিচালক আব্ৰাৰৰ সতেজ চিন্তাধাৰা। অসমৰ নৱপ্ৰজন্মৰ চলচ্চিত্ৰ নিৰ্মাতাসকলো যে বৃহৎ পৰিসৰত সৰ্বসাধাণ দৰ্শকৰ বাবে উপভোগ্য বাণিজ্যিক ছবি নিৰ্মাণ কৰিবলৈ সম্পূৰ্ণ সক্ষম, সেই কথাই ‘তীব্ৰ’ৰ জৰিয়তে স্পষ্ট হৈ পৰিছে। ইফালে, নৱপ্ৰজন্মৰ এই ছবিখন দৰ্শকৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে গুৱাহাটীত সফলতাৰে ট্ৰেইলাৰ মুকলি হোৱাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে কলা-কুশলীৰ দলটোৱে। অহা ২৭ নৱেম্বৰ, ২০২৬ তাৰিখে ৰাজ্যৰ ছবিগৃহসমূহত ছবিখনে আনুষ্ঠানিকভাৱে মুক্তি লাভ কৰিব।

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

মাটি বিক্ৰী কৰি পঢ়ুৱাইছিল পিতৃয়ে! আজি এজন পুত্ৰ চিকিৎসক, আনজন অভিযন্তা

গুৱাহাটীত আনুষ্ঠানিকভাৱে মুকলি একশ্যন-থ্ৰিলাৰ অসমীয়া ছবি ‘তীব্ৰ’ৰ আকৰ্ষণীয় ট্ৰেইলাৰ

November 19, 2026 9:20 pm
বিয়লি ৫ বজাৰ পাছত ক’ৰ পৰা আহিল লাখ লাখ ভোট? ২০২৪ৰ নিৰ্বাচনক লৈ ‘ৰিপ’ৰ্টাৰ্ছ কালেকটিভ’ৰ প্ৰতিবেদনত ফাদিল চাঞ্চল্যকৰ তথ্য

বিয়লি ৫ বজাৰ পাছত ক’ৰ পৰা আহিল লাখ লাখ ভোট? ২০২৪ৰ নিৰ্বাচনক লৈ ‘ৰিপ’ৰ্টাৰ্ছ কালেকটিভ’ৰ প্ৰতিবেদনত ফাদিল চাঞ্চল্যকৰ তথ্য

November 19, 2026 7:57 pm
একেখন ঘৰতে পৃথক পৰিচয়! পত্নী আৰু ৪ সন্তান ভাৰতীয়, কিন্তু এতিয়াও নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিলে ৭৫ বছৰীয়া পিতৃয়ে

একেখন ঘৰতে পৃথক পৰিচয়! পত্নী আৰু ৪ সন্তান ভাৰতীয়, কিন্তু এতিয়াও নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিলে ৭৫ বছৰীয়া পিতৃয়ে

November 19, 2026 7:05 pm
সলনি হ’ব নেকি বিশ্ব ৰাজনীতিৰ সমীকৰণ? চীনৰ মাটিত ট্ৰাম্প-পুটিন-ছি জিনপিঙৰ ঐতিহাসিক বৈঠকক লৈ বিশ্বজুৰি তীব্ৰ উৎকণ্ঠা

সলনি হ’ব নেকি বিশ্ব ৰাজনীতিৰ সমীকৰণ? চীনৰ মাটিত ট্ৰাম্প-পুটিন-ছি জিনপিঙৰ ঐতিহাসিক বৈঠকক লৈ বিশ্বজুৰি তীব্ৰ উৎকণ্ঠা

November 19, 2026 6:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাটি বিক্ৰী কৰি পঢ়ুৱাইছিল পিতৃয়ে! আজি এজন পুত্ৰ চিকিৎসক, আনজন অভিযন্তা

গুৱাহাটীত আনুষ্ঠানিকভাৱে মুকলি একশ্যন-থ্ৰিলাৰ অসমীয়া ছবি ‘তীব্ৰ’ৰ আকৰ্ষণীয় ট্ৰেইলাৰ

November 19, 2026 9:20 pm
বিয়লি ৫ বজাৰ পাছত ক’ৰ পৰা আহিল লাখ লাখ ভোট? ২০২৪ৰ নিৰ্বাচনক লৈ ‘ৰিপ’ৰ্টাৰ্ছ কালেকটিভ’ৰ প্ৰতিবেদনত ফাদিল চাঞ্চল্যকৰ তথ্য

বিয়লি ৫ বজাৰ পাছত ক’ৰ পৰা আহিল লাখ লাখ ভোট? ২০২৪ৰ নিৰ্বাচনক লৈ ‘ৰিপ’ৰ্টাৰ্ছ কালেকটিভ’ৰ প্ৰতিবেদনত ফাদিল চাঞ্চল্যকৰ তথ্য

November 19, 2026 7:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd