NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ প্ৰদূষণৰ বিৰোধিতাৰে ৯ বছৰীয়া পৰিৱেশ কৰ্মীৰ সাংসদ ভৱনৰ বাহিৰত প্ৰতিবাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 17, 2020 12:46 pm

দিল্লীৰ ভয়াবহ পৰিবেশ প্ৰদূষণৰ বিৰোধিতাৰে ভাৰতৰ এগৰাকী কণমানি পৰিবেশ কৰ্মীয়ে সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

লিকিপ্ৰিয়া কাংগুজাম নামৰ ৯ বছৰীয়া শিশু পৰিবেশ কৰ্মী গৰাকীয়ে নিশা দিল্লীৰ পৰিৱেশ প্ৰদূষণৰ বিৰোধিতা কৰি সাংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ পূৰ্বেও লিকিপ্ৰিয়াই স্পেইনৰ মদ্ৰিদত অনুষ্ঠিত হোৱা ২০১৯ বৰ্ষৰ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ অধিৱেশনতো উপস্থিত থাকি ভাষণ প্ৰদান কৰিছিল।

”মই আমাৰ দেশৰ নেতা সকলে বায়ু প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰাটো বিচাৰো,” প্ৰতিবাদত অংশগ্ৰহণ কৰি লিকিপ্ৰিয়াই সাংবাদিকৰ আগত কয়।

আনহাতে, ভাৰতৰ ৰাজনৈতিক নেতা সকলে প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত ইজনে সিজনক দোষাৰোপ কৰি আহিছে কিন্তু কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও মন্তব্য প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, বৰ্তমান নতুন দিল্লীত ভয়াবহ হাৰত বায়ু প্ৰদূষণ হৈছে। ৰাজধানী দিল্লীৰ বায়ুৰ গুণগত মান ক্ৰমান্বয়ে নিম্নগামী হৈছে।

পঞ্জাৱৰ খেতিপথাৰত খেৰ, নৰাকে ধৰি শস্যৰ ৰৈ যোৱা অৱশিষ্ট সমূহ জ্বলোৱাৰ ফলতে দিল্লীত প্ৰতিবছৰে বায়ু প্ৰদূষণ হৈ আহিছে বুলি দিল্লী চৰকাৰে অভিযোগ উত্থাপন কৰি আহিছে।