NORTHEAST NOW (Assamese)
অসম

সীমান্তত আইন-শৃংখলা অটুট ৰখাৰ পোষকতাৰে মিজোৰাম আৰু অসমৰ মুখ্য মন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 18, 2020 9:08 pm
Sarbananda-Sonowal-1140x570

অসম আৰু মিজোৰাম সীমান্তত সংঘটিত ঘটনাৱলী সম্পৰ্কত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি টেলিফোনযোগে প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ক অৱগত কৰে।

আনহাতে, মুখ্য মন্ত্ৰীয়ে এই বিষয়টোৰ সম্পৰ্কত গৃহ মন্ত্ৰ্যালয়কো টেলিফোনযোগে সৱিশেষ অৱগত কৰে।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰীয়ে আজি টেলিফোনযোগে মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰামথাংগাৰ সৈতেও অসম-মিজোৰাম সীমান্তত সংঘটিত ঘটনাৱলী সম্পৰ্কত বাৰ্তালাপ কৰে।

বাৰ্তালাপৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে দুয়োখন ৰাজ্যই সীমান্তত সংঘটিত উত্তেজনাময় পৰিস্থিতি প্ৰশমনৰ বাবে ফলপ্ৰসূ পদক্ষেপ ল’ব লাগে।

শান্তি-শৃংখলা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত দুয়োখন চৰকাৰে সহযোগিতাৰে কাম কৰাৰ পোষকতা কৰি মুখ্য মন্ত্ৰীয়ে কয় যে সীমান্তৰ বিবাদ আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব পৰা যায়। সীমান্তত সমস্যা থাকিলেও আলাপ-আলোচনাৰ মাধ্যমেৰে তাক সমাধান কৰিব লাগিব।

সংঘাতৰ পৰিৱৰ্তে আলাপ-আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান সূত্ৰ উলিওৱাটো সম্ভৱ বুলিও সোণোৱালে লগতে কয়।

মুখ্য মন্ত্ৰীয়ে লগতে কয় যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূবে উন্নয়নৰ নতুন যাত্ৰা পথেৰে অগ্ৰসৰ হ’বলৈ সক্ষম হৈছে। উন্নয়নৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ বাবে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত শান্তি-শৃংখলা অটুত ৰখাতো নিতান্তই প্ৰয়োজন।

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত সহযোগিতা থাকিলেহে ভাতৃত্ববোধৰ বান্ধোন অধিক সুদৃঢ় হৈ পৰিব। সংঘাত, মতানৈক্য থাকিব পাৰে, আলোচনাৰ মাধ্যমেৰেহে ঐক্যমতত উপনীত হ’ব লাগিব বুলিও মুখ্য মন্ত্ৰীয়ে পুনৰ কয়।

টেলিফোনযোগে হোৱা বাৰ্তালাপৰ সময়ত মিজোৰামৰ মুখ্য মন্ত্ৰী গৰাকীয়ে দুয়োখন ৰাজ্যৰ মাজত থকা সীমান্তত শান্তি-শৃংখলা অটুত ৰখাৰ ক্ষেত্ৰত ইতিবাচক ভাৱে কাম কৰাৰ আশ্বাস