NORTHEAST NOW (Assamese)
অসম

দেশত কেতিয়া নিয়ন্ত্ৰণলৈ আহিব ক’ৰ’ণাৰ সংক্ৰমণ? সময় উল্লেখ কৰিলে কেন্দ্ৰীয় বিশেষজ্ঞ কমিটিয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 19, 2020 8:49 am
a corona

২০২০ চনৰ আৰম্ভণিৰে পৰা আজিৰ দিনটোলৈ দেশবাসীৰ মনত অনৱৰতে ক্ৰিয়া কৰি থকা প্ৰশ্নটোৱেই হৈছে—‘কেতিয়া কমিব ক’ৰ’ণাৰ সংহাৰ?কেতিয়া উভতি আহিব স্বাভাৱিক পৰিস্থিতি?’

এই প্ৰশ্নৰ সঠিক উত্তৰ নাই কাৰোৰে হাতত। কিন্তু উত্তৰ নোহোৱা এই প্ৰশ্নৰ এক উত্তৰ প্ৰদানৰ চেষ্টা চলাইছে ক’ৰ’ণাৰ সংক্ৰমণ সন্দৰ্ভত চৰকাৰে গঠন কৰি দিয়া কেন্দ্ৰীয় বিশেষজ্ঞ সমিতিয়ে।

দেশৰ আগশাৰীৰ স্বাস্থ্য বিজ্ঞানী, কেইবাখনো আই আই টিৰ গৱেষক,আই চি এম আৰৰ বিশেষজ্ঞকলৈ গঠন কৰি দিয়া বিশেষজ্ঞ কমিটিয়ে প্ৰকাশ কৰা মতে ভাৰতত ক’ৰ’ণাই ইতিমধ্যে ইয়াৰ শীৰ্ষ বিন্দু অতিক্ৰম কৰি আহিছে।

সেয়ে লাহে লাহে ক’ৰ’ণাৰ সংক্ৰমণ হ্ৰাস পাই আহিব।

এনেদৰে থাকিলে অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ পিনে ক’ৰ’ণাৰ সংক্ৰমণ দেশত ভালেখিনি  কমি যাব।

সেই সময়ত অতি নগন্য সংখ্যক ক’ৰ’ণা ৰোগীহে দেশত থাকিব।

অৱশ্যে শীতৰ সময়ত আৰু পূজাৰ সময়ত যদিও মানুহে সামাজিক দূৰত্বৰ বিধি নামানে তেন্তে দেশত প্ৰতি মাহে কমেও ২৬ লাখকৈ লোক ক’ৰ’ণাত আক্ৰান্ত হ’ব।

অহা বছৰৰ ফেব্ৰুৱাৰী মাহত দেশত ক’ৰ’ণাক্ৰান্তৰ সংখ্যা ১ কোটি ৫ লাখ মান হোৱাৰ সম্ভাৱনা আছে।

বিশেষজ্ঞ কমিটিয়ে ক’ৰ’ণাৰ সংক্ৰমণ সন্দৰ্ভত প্ৰস্তুত কৰা গাণিতিক মডেলৰ ভিত্তিত এই তথ্য প্ৰকাশ কৰিছে।