NORTHEAST NOW (Assamese)
অসম

উত্তৰ প্ৰদেশৰ আকাশত বিচৰণ ভিন্ন গ্ৰহৰ প্ৰাণীৰ! দৃশ্য দেখি আৰক্ষীও হতভম্ব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 19, 2020 9:24 am
alien-2

ভিন্ন গ্ৰহৰ প্ৰাণীকলৈ বিশ্বৰ বিভিন্ন স্থানত প্ৰায়ে চাঞ্চল্যৰ সৃষ্টি হৈ থকাৰ সময়তে এইবাৰ উত্তৰ প্ৰদেশৰ আকাশতো দেখা গ’ল এক অদ্ভূত প্ৰাণী।

উত্তৰ প্ৰদেশৰ ভাট্টা পাৰচুৱেল নামৰ গাওঁখনৰ আকাশত দেখিবলৈ ঠিক আয়ৰণ মেনৰ দৰে প্ৰাণীটোৱে ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰাৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছতে গাওঁবাসীৰ মাজত চৰম আতংক বিয়পি পৰে।

প্ৰাণীটোৱে কেতিয়াবা আকাশৰ পৰা মাটিৰ পিনে নামি অহাৰো চেষ্টা চলোৱা দেখা যায়।

গাওঁবাসীয়ে সেয়া কোনো ভিন্ন গ্ৰহৰ প্ৰাণী বুলিয়েই নিশ্চিত হৈ আৰক্ষীক খবৰ দিয়ে।

alien-2

আৰক্ষীয়ে খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাণীটো প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে।

এনেদৰে বেছ কিছুসময় প্ৰাণীটোৱে আকাশত বিচৰণ কৰাৰ পিছত লাহে লাহে মাটিলৈ নামি আহে।

আৰক্ষীয়ে মৰসাহ কৰি প্ৰাণীটোক কৰায়ত্ব কৰাৰ পিচতহে ওৰহী গছৰ ওৰ ওলাই পৰে।

দৰাচলতে সেয়া কোনো ভিন্ন গ্ৰহৰ প্ৰাণী নাছিল। কোনোৱাই আয়ৰণ মেনৰ আকৃতিৰ বেলুন এটাত গেছ ভৰাই সেয়া আকাশলৈ বুলি  এৰি দিছিল।

ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী বিষয়া অনিল কুমাৰ পাণ্ডেই প্ৰকাশ কৰা মতে কোনোৱাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ উদ্দেশ্যৰেই বেলুনটো আকাশত উৰুৱাইছিল।

যি কি নহওঁক এই ঘটনাকলৈ বহু সময় ধৰি সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰি থাকে তীব্ৰ চাঞ্চল্য।