NORTHEAST NOW (Assamese)
অসম

আগন্তুক নিৰ্বাচনত ঐক্যবদ্ধভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব এজেপি, এএছডিচিয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 19, 2020 11:11 pm
Assam: AJP, ASDC to contest Assembly polls together

নৱগঠিত অসম জাতীয় পৰিষদে এ এছ ডি চি (Autonomous State Demand Committee)ৰ সৈতে একেলগে আগন্তুক বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

সকলো আঞ্চলিক শক্তিক একগোট কৰাৰ বাবে পৰিষদে লোৱা উদ্যোগৰ অংশ হিচাপে দুয়োটা দলে দেওবাৰে এইক্ষেত্ৰত সহমতত উপনীত হৈছে।

সিদ্ধান্ত অনুসৰি এ এছ ডি চিয়ে হাওৰাঘাট, বোকাজান, ডিফু, বৈঠালাংছু আৰু হাফলং বিধান সভা সমষ্টিত এ জে পিৰ সমৰ্থনত প্ৰাৰ্থী দিব।

এ জে পিৰ আমবাৰীৰ মুখ্য কাৰ্য্যালয়ত দুয়োটা দলৰ নেতৃত্বই সংবাদমেলযোগে এই কথা ঘোষণা কৰে।

এ এছ ডি চিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে কয় যে কাৰ্বি আংলং আৰু ডিমা হাচাওত বিজেপি আৰু কংগ্ৰেছ দুয়ো দলকে পৰাজিত কৰাৰ বাবে আমি আগন্তুক নিৰ্বাচনত একেলগে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।

তেওঁ লগতে কয় যে এই মাটিত ৰাষ্ট্ৰীয় দলৰ অনুপ্ৰৱেশ বন্ধ কৰাৰ বাবে দল দুটাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

তেওঁ কয় যে এই সহমতৰ জৰিয়তে কাৰ্বি আংলঙত অনা-কাৰ্বি লোকসকলৰ অধিকাৰ নিশ্চিত কৰিবও খোজা হৈছে।

আনহাতে এ জে পিৰ সমন্বয়ক অদীপ ফুকনে কয় যে আঞ্চলিক ৰাজনৈতিক শক্তিসমূহৰ এক মহাজোঁট গঠনৰ বাবে দলটোৱে অসমৰ সকলো জনজাতীয় ৰাজনৈতিক শক্তিৰ সৈতে সহমতত উপনীত হোৱাৰ বাবে কাম কৰি আছে।