NORTHEAST NOW (Assamese)
অসম

সনাতন ডেকাৰ হত্যাত প্ৰতিক্ৰিয়া আলোচনাপন্থী আলফা নেতা জিতেন দত্তৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 24, 2020 11:19 pm
Assam: Vegetable vendor beaten to death in road rage in Hajo

হাজোৰ সনাতন ডেকাক ৫ যুৱকে প্ৰহাৰ কৰি হত্যা কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলোচনাপন্থী আলফা নেতা জিতেন দত্তই।

ফেচবুকযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দত্তই কয় “মাননীয় মুখ্য মন্ত্ৰী মহোদয় আপোনালোক শাসনৰ গাদীত থকাৰ পিছটো কিয় এইদৰে এজন খিলঞ্জীয়াই সাহসেৰে ব্যৱসায় কৰিব নোৱাৰে৷”

“ক’ৰবাত ব্যৱসায় নকৰিবলৈ ধমকি দিব ক’ৰবাত হত্যা কৰিব, কিয় ইমান সাহস পাইছে?” নিজৰ পোষ্টটোত এইদৰে প্ৰতিক্ৰিয়া কৰে আলোচনাপন্থী আলফা নেতাগৰাকীয়ে।

Pro-talk ULFA leader Jiten Dutta reacts over vegetable vendor Sanatan Deka's murder

তেওঁ লগতে কয়, “আমি এইদৰে বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰাসকলক ব্যৱসায় বাণিজ্য কৰিবলৈ বাধা আৰোপ কৰিলে কিন্তু পৰিস্থিতি বেয়া হৈ যাব৷ অসমৰ যিকোনো স্থানত খিলঞ্জীয়াই নিৰাপদে ব্যৱসায় কৰিব পৰা এটা পৰিবেশ আমাক লাগে৷”

“আপোনালোকে যদি সেই পৰিবেশ দিব নোৱাৰে তেন্তে আমিয়ে অসম আৰু অসমীয়াক ভাল পোৱা যুৱ শক্তিক ঐক্যবদ্ধ কৰি সেই পৰিৱেশ সৃষ্টি কৰিম ৷ সনাতন ডেকাৰ দৰে তিল তিল কৈ মৰিব নিদিও৷” এইদৰে কয় দত্তই।

ফইজুলৰ লগত সহযোগ কৰা প্ৰতিজনৰ কঠোৰ শাস্তি দাবী জনায় দত্তই কয় “এনে অপৰাধীক সুস্থ শৰীৰে জেললৈ নপঠাব৷ আৰক্ষীলৈ অনুৰোধ৷”

Pro-talk ULFA leader Jiten Dutta reacts over vegetable vendor Sanatan Deka's murder

অন্য এটা ফেচবুক পোষ্টত তেওঁ কয় “অৰ্থনৈতিক সংগ্ৰামখন আগবঢ়াই নিয়াৰ স্বাৰ্থত আৰু এই বজাৰ দখল প্ৰক্ৰিয়াটোত আহিব পৰা প্ৰতিবন্ধকতা আঁতৰ কৰাৰ লগতে খিলঞ্জীয়া অসমীয়াসকলক সুৰক্ষা দিব পৰাকৈ আৰু এই ফইজুলহঁতৰ নিচিনাবোৰক নাকী লগাবলৈ অতি সোনকালে এটা গোড়া জাতীয় শক্তিৰ জন্ম দি আছো৷ বন্ধ খোলালৈ অপেক্ষা কৰিছো৷ যি কোনো প্ৰকাৰে অসমীয়াৰ বজাৰ দখল প্ৰক্ৰিয়া অব্যাহত থাকিব৷ সনাতন ডেকাৰ পৰিয়ালক চৰকাৰে উপযুক্ত সস্থাপন দিবলৈ সকলোৱে দাবী জনাওক৷ গুৱাহাটীৰ সকলো সাহসী অসমীয়া যুৱক সকলে সনাতন ডেকাৰ ঘৰলৈ গৈ পৰিয়ালক সাহস দিয়ক৷”

উল্লেখযোগ্য যে অভিযুক্ত ফইজুল আলি, নজদিন আলি, ছবিৰ আলি, ইউচুফ আলি আৰু ফিৰজাহান অলি বৰ্তমানো পলাতক অৱস্থাত আছে।

হাজোৰ মনাকুচিত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড।