NORTHEAST NOW (Assamese)
অসম

বানপানীত ক্ষতিগ্ৰস্ত তেলেংগানালৈ কেজৰিৱাল চৰকাৰৰ ১৫ কোটি টকাৰ সাহায্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 20, 2020 4:58 pm
delhi-government-to-scale-up-testing-for-coronavirus-arvind-kejriwal

দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেলেংগানত হোৱা প্ৰলংয়কাৰী বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোকৰ সাহায্যৰ্থে ১৫ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

‘‘হায়দৰাবাদত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। এই জটিল সন্ধিক্ষণত দিল্লীৰ জনসাধাৰণ হায়দৰাবাদৰ ভাতৃ-ভগ্নী সকলৰ সৈতে একেলগে আছে,’’ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে এইদৰে টুইট কৰে।

তেলেংগানাৰ কে চন্দ্ৰশেখৰ ৰাওৰ চৰকাৰে উল্লেখ কৰা অনুসৰি ভয়াবহ বানপানীত তেলেংগানাৰ ৫০০০ কোটি টকাতকৈ অধিক টকাৰ লোকচান হৈছে।

উল্লেখযোগ্য যে, তেলেংগানাত প্ৰবল বৰষুণৰ বাবে হোৱা বানপানীৰ ফলত ৬০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে।

মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে বানপানীৰ ফলত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন আৰ্থিক অনুদান ঘোষণা কৰিছিল।