NORTHEAST NOW (Assamese)
অসম

কংগনা ৰানাৱটৰ মানালিৰ ঘৰৰ সন্মুখত গুলীচালনা; কটকটীয়া কৰা হৈছে সুৰক্ষা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 2, 2020 8:01 am
index-14-750x375

বলীউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ পাছৰে পৰা নেপ’টিজমক লৈ আটাইতকৈ সৰৱ হৈ পৰিছিল অভিনেত্ৰী কংগনা ৰানাৱট।

এইবাৰ তেওঁৰ জীৱনৰ প্ৰতিও ভাবুকি আহিছে নেকি তাৰেই এক প্ৰতিফলন ঘটিল অভিনেত্ৰীগৰাকীৰ ঘৰৰ সন্মুখত।

অভিনেত্ৰীগৰাকীৰ মানালিৰ ঘৰৰ সন্মুখত সংঘটিত এক গুলীচালনাৰ ঘটনাৰ পাছতে কংগনাৰ ঘৰৰ সন্মুখত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

বলীউদত স্বজনতোষণক লৈ কংগনাৰ সাহসী পদক্ষেপক একাংশই সমৰ্থন নকৰে।

ইয়াৰ মাজতে অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে তেওঁৰ ওলমি থকা মৃতদেহ যদি উদ্ধাৰ হয় তেতিয়াহ’লে তাক যেন আত্মহত্যা বুলি ধৰা নহয়।

শুকুৰবাৰে নিশা প্ৰায় এঘাৰ বজাত কংগনাৰ তিনিমহলীয়া ঘৰটোৰ সন্মুখত গুলীচলনাৰ শব্দ হয়।

প্ৰথমতে এয়া ফটকা ফুটাৰ শব্দ বুলি ভাৱিছিল যদিও পাছত অভিনেত্ৰীগৰাকীয়ে সেয়া গুলীৰ শব্দ বুলি বুজিব পাৰি থানাত অভিযোগ কৰে।

কুল্লু থানাত দিয়া অভিযোগৰ পাছতে অভিনেত্ৰীগৰাকীৰ নিৰাপত্তাৰ বাবে উপ আৰক্ষী অধীক্ষক পৰ্যায়ৰ এগৰাকী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে তেওঁৰ গৃহলৈ যায়।

তদন্তকাৰী দলটোৱে কোনো শুংসূত্ৰ বিচাৰি নাপালে যদিও অভিনেত্ৰীগৰাকীৰ সুৰক্ষাৰ বাবে নিৰাপত্তাৰক্ষী নিয়োগ কৰা হয়।

গোটেই বিষয়টো লৈ এক ৰহস্যৰ সৃষ্টি হৈছে যদিও অভিনেত্ৰী গৰাকীয়ে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত তেওঁ গ্ৰহণ কৰা স্থিতিৰ বাবে কোনোবাই তেওঁক ভয় দেখুৱালৈকে এই কাম কৰা বুলি সন্দেহ ব্যক্ত কৰিছে।