NORTHEAST NOW (Assamese)
অসম

বাল্য বিবাহঃ বৰপেটা আৰক্ষীয়ে আদালতৰ পৰা উদ্ধাৰ কৰিলে ১৪ বছৰীয়া কিশোৰীক  

Posted by: এন ই নাও নিউজ March 10, 2018 9:23 am
Child Marriage

বৰ্তমান প্ৰচলিত সমাজ ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ ব্যাধি হৈছে বাল্য বিবাহ। এই ব্যাধি নিৰ্মূল নকৰা পৰ্যন্ত সমাজ কোনো ক্ষেত্ৰতে আগবাঢ়িব নোৱাৰে। বাল্য বিবাহ ৰোধ কৰাৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা হাতত লৈছে যদিও এই পৰ্যন্ত কোনো ধৰণৰ ইতিবাচক ফল লাভ কৰা দেখা পোৱা নাই। ইয়াৰ মাজতে পুনৰ বাল্য বিবাহৰ প্ৰসংগ দেখা গ’ল বৰপেটা জিলাত।

বিগত দিনত অসমত কে’বাগৰাকীও নাবালিকাক একাংশ সংগঠন আৰু চাইল্ড লাইন নামৰ সংস্থাটোৱে বাল্য বিবাহৰ গৰাহৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ সময়তে শুকুৰবাৰে পুনৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীক বৰপেটা আদালতৰ চৌহদৰ পৰাই আৰক্ষীৰ সহায়ত উদ্ধাৰ কৰে বৰপেটা চাইল্ড লাইনে।

জানিব পৰা অনুসৰি বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত খগৰপুৰৰ সমীপৰ গাৰো দোকান গাঁৱৰ পৰিয়ালৰ লোকে নাবালিকাগৰাকীৰ বিবাহ ঠিক কৰে বৰপেটা জিলাৰ-সৰ্থেবাৰীৰ সমীপৰ নেউলাৰভিঠা গাঁৱত। সেই বিবাহৰ লক্ষ্যৰেই শুকুৰবাৰে একাংশ আত্মীয়ই কিশোৰীগৰাকীক বৰপেটাৰ ন’টাৰী আদালতলৈ আনে।

কিন্তু বৰপেটা চাইল্ড লাইনৰ সমন্বয়ক ৰফিকুল ইছলামে বিবাহৰ সম্পৰ্কে আগতীয়াকৈ গম পায় আৰু তেওঁৰ তৎপৰতাতে কিশোৰীগৰাকীক বৰপেটা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

সম্প্ৰতি আৰক্ষীয়ে কিশোৰীগৰাকীক শিশু কল্যাণ সমিতিৰ হাতত গতাই দিয়া বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বাল্য বিবাহৰ ফলত দেশত জনসংখ্যাৰ বিস্ফোৰণ ঘটা বুলি নাৰী দিৱসৰ দিনাই এক আলোচনা চক্ৰত তাৎপৰ্যমূলক মন্তব্য কৰা দেখা গৈছিল বিশিষ্ট শৈল্য চিকিৎসক ডাঃ ইলিয়াছ আলীক।

সমাজত নিৰক্ষৰতা আৰু একাংশ অভিভাৱকৰ অজ্ঞানতা তথা দৰিদ্ৰতাৰ বাবেই বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি ৰোধ কৰাত ব্যৰ্থ হোৱা বুলি একাংশ সমাজ সচেতন ব্যক্তিয়ে মন্তব্য কৰে।