NORTHEAST NOW (Assamese)
অসম

চিকিৎসক ডাঃ দেবেন দত্তৰ হত্যাৰ ৰায়দান আৰু কভিড প্ৰট’কলৰ বাবে এইবাৰ উচাহ নাই টীয়ক চাহ বাগিচাৰ পূজাত

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক October 21, 2020 5:26 pm
a maa-durga-

টীয়ক চাহ বাগিচাৰ পূজাৰ মাদকতা অনন্য ।

প্ৰায় নব্বৈ বছৰ ধৰি টীয়ক চাহ বাগিচাৰ স্থায়ী পূজা মণ্ডপত অনুষ্ঠিত কৰা এই পূজাক কেন্দ্ৰ কৰি অনুষ্ঠিত কৰা মেলাই আকৰ্ষণ কৰে সকলোকে ।

যাৰবাবে এই পূজাস্থলীত হয় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ সমাৱেশ ।

কিন্তু এইবাৰ পৰিৱেশ সুকীয়া । বাগিচা খনৰ চিকিৎসক ডাঃ দেবেন দত্তৰ হত্যাৰ চুড়ান্ত ৰায়দান যোৰহাটৰ সত্ৰ ন্যায়াধীশৰ আদালতে কালি  ঘোষণা কৰাৰ পাছত বাগিচা খনত বিৰাজ কৰিছে গোমা পৰিৱেশ।

এই ঘটনাৰে জড়িত থকাৰ অভিযোগত এজনক মৃত্যুদণ্ড আৰু ২৪ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহে আদালতে।

তদুপৰি কভিড প্ৰটকল ৰক্ষা কৰি প্ৰতীকি অৰ্থত ঘট পূজা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাইছে বাগিচা খনত l