NORTHEAST NOW (Assamese)
অসম

অসমৰ লোক তথা যানবাহন মেঘালয়ত প্ৰৱেশত বাধা : চৰকাৰ-প্ৰশাসনক সাতদিনৰ সময়সীমা

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা October 21, 2020 5:51 pm
18-04-181524048775-570x320_Assam-Meghalaya-border-newwww-570x320

সমগ্ৰ দেশতে আনল’ক প্ৰক্ৰিয়াৰ জৰিয়তে ইতিমধ্যে আন্তঃৰাজ্যিক যাতায়াতৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হৈছে যদিও মেঘালয় চৰকাৰে অসমৰ সকলো ধৰণৰ যানবাহন মেঘালয়ত প্ৰৱেশৰ ক্ষেত্ৰত এতিয়াও বাধা নিষেধ আৰোপ কৰি আছে৷

ফলত জিলাখনৰ দুধনৈ, কৃষ্ণাই, দৰংগিৰী, ধূপধৰা তথা অসম মেঘালয় সীমান্তৱর্তী পথেৰে অহা যোৱা কৰা যাত্ৰীবাহী বাছ, মালবাহী ট্ৰাক, উইংগাৰ, টেক্সি, অটোৰ উপৰি ব্যৱসায়ীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷

মেঘালয় চৰকাৰৰ যাতায়াতৰ এই বাধা আৰোপত জাঙুৰ খাই উঠিছে গোৱালপাৰা জিলাৰ চল্লিশটাকৈ সংগঠন।

এই সন্দৰ্ভত কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাৰ কাৰ্যালয়ত আজি এক সংবাদ মেলৰ আয়োজন কৰে সংগঠন কেইটাই৷

গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত আয়োজিত আজিৰ সংবাদ মেলত জিলাখন চল্লিশটাকৈ সংগঠন একত্ৰিত হৈ মেঘালয় চৰকাৰ-প্ৰশাসনক আগন্তুক এসপ্তাহৰ ভিতৰত আন্তঃৰাজ্যিক যাতায়াত সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনায়৷অন্যথা ২৯ অক্টোবৰৰ পৰা মেঘালয়ৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে সংগঠন কেইটাই ।

উল্লেখ্য যে মেঘালয় চৰকাৰে কোভিড সংক্ৰমণৰ দোহাই দি অসমৰ লোকক মেঘালয়ত প্ৰৱেশ কৰিবলৈ বাধা দি আহিছে অথচ মেঘালয়ৰ যিকোনো লোকে কোনো বাধা নোহোৱাকৈ অসমত প্ৰৱেশ কৰি বিনাদ্বিধাই বজাৰ সমাৰ কৰি লৈ গৈছে।

এই সমস্যা সন্দৰ্ভত কেবাটাও সংগঠনে ইতিমধ্যে গোৱালপাৰা জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু মেঘালয় তথা অসম চৰকাৰে এই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো সঁহাৰি নিদিয়াত ক্ষোভত ফাটি পৰিছে আছু তথা অন্যান্য সংগঠন কেইটাৰ নেতৃত্ব।

আজি আবেলি ৩ বজাত আয়োজিত সংবাদ মেলখনত গোৱালপাৰা জিলা আছুৰ কাৰ্যনিৰ্বাহক সদস্য গীতাৰ্থ শৰ্মা, গোৱালপাৰা জিলা লঘু যান বাহন সন্থাৰ সভাপতি মইনাল হক, সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ সম্পাদক ওমৰ আলী, কৃষ্ণাই আছুৰ উপদেষ্টা আব্দুল হাই আহমেদ, দুধনৈ টেক্সি সন্থাৰ সভাপতি বিষ্ণু ৰাভা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোৱালপাৰা জিলা সমিতিৰ সম্পাদক মণিশংকৰ গয়াৰী, জিলা আমছুৰ সভাপতি আনিমুল হক চৌধুৰী তথা কৃষ্ণাই মটৰ শ্ৰমিক সন্থাৰ সভাপতি পৰিতোষ সাহাসহ একাধিক নেতৃস্থানীয় লোক উপস্থিত থাকে৷