NORTHEAST NOW (Assamese)
অসম

গোলাঘাটৰ ডাবিডুবিত এন আৰ এলৰ এল পিল জি বটলিং কেন্দ্রৰ ভূমি পূজন কৰিলে মুখ্যমন্ত্ৰীয়ে

October 21, 2020 6:19 pm
DSC_5296

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গোলাঘাট জিলাৰ ডাবিডুবিত নুমলীগড় শোধনাগাৰ লিমিটেডৰ এল পি জি বটলিং আৰু দেটোৰেজ ফেচিলিটিজৰ নিৰ্মাণ কাৰ্যৰ ভূমি পূজনৰে শুভাৰম্ভ কৰে।

উল্লেখ্য যে প্রতিদিনে ১২,৫০০ এল পি জি চিলিণ্ডাৰ আৰু ২৪,০০০ মেট্রকটন ষ্টোৰেজ সামৰ্থৰে নিৰ্মাণ হ’বলগীয়া এই প্রকল্পই অঞ্চলটোৰ এল পি জিৰ চাহিদা পূৰণৰ দিশত বিশেষ ভাবে সহায়ক হ’ব।

তিনি বছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’বলগীয়া এই প্রকল্পত ৰাজ্যখনৰ কেবা শতাধিক লোকে প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োজনৰ সুবিধা লাভ কৰিব।

ভূমি পূজনৰ পিছতে আগবঢ়োৱা বক্তব্যত মুখ্যমন্ত্ৰীয়ে এই প্রকল্প স্থাপনৰ বাবে লোৱা পদক্ষেপৰ বাবে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰীয়ে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক এই প্রকল্পটো নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবেও আহ্বান জনায় যাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০১৯ বৰ্ষত নুমলীগড় শোধনাগাৰ লিমিটেডৰ সম্প্ৰসাৰণৰ ঘোষণাৰ দ্বাৰা সৃষ্ট সা-সুবিধাৰে প্রকৃতভাৱে উপকৃত হ’ব পাৰে।

আজিৰ এই ভূমিপূজন কাৰ্যসূচীত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষি মন্ত্ৰী অতুল বৰা, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰিচালন সঞ্চালক এচ কে বৰুৱাকে ধৰি শোধনাগাৰৰ বিভিন্ন উচ্চপদস্থ বিষয়া তথা অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।