NORTHEAST NOW (Assamese)
Popular Stories

নগৰবেৰাত গ্ৰেপ্তাৰ DIG বিবেকৰাজ সিঙৰ মোবাইল কাঢ়ি নিয়া অভিযুক্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 27, 2023 2:25 pm

বৃহস্পতিবাৰে কামৰূপৰ নগৰবেৰাত এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ মোবাইল ফোন চুৰিৰ সন্দৰ্ভত এজন লোকক আটক কৰে আৰক্ষীয়ে।

উল্লেখযোগ্য যে যোৱা ২৩ জুলাইত গুৱাহাটীত মৰ্নিং ৱাক কৰিবলৈ ওলাই যোৱাৰ সময়ত উপ-মহাপৰিদৰ্শক (ডি আই জি) বিবেক ৰাজ সিঙৰ মোবাইল ফোনটো কাঢ়ি লৈ গৈছিল।

আটকাধীন ব্যক্তিজনক জাভেদ আলী বুলি চিনাক্ত কৰা হৈছে। নগৰবেৰা আৰক্ষীয়ে গোচৰৰ সৈতে জড়িত থকাৰ সন্দেহত জাভেদ আলীক গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ হাতীগাঁও আৰক্ষীক গতাই দিয়ে।

উল্লেখযোগ্য যে বিষয়টো সন্দৰ্ভত এজাহাৰ হাতীগাঁও থানাত দাখিল কৰা হৈছিল।

ইফালে, অভিযুক্তই আৰক্ষী বিষয়াগৰাকীৰ ফোনটো কাঢ়ি নিয়াৰ পৰিকল্পনা ৰচনা কৰা বুলি স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বেও জাভেদে গুৱাহাটীত কেইবাটাও মোবাইল চুৰি কৰাৰ কাৰ্যকলাপৰ বিষয়েও আৰক্ষীক জনাইছে। এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।

লগতে পঢ়কঃ হৰিণাই চেলেকে বাঘৰ গাল! ফোন চুৰি কৰি নিয়া যুৱকৰ প্ৰেমতেই হাবু-ডুবু যুৱতী