NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ পানবাৰী এনিমেল কৰিডৰত গাড়ীৰ খুন্দাত মৃত্যু নাহৰফুটুকী বাঘৰ

Posted by: উত্তম শইকীয়া October 9, 2018 10:12 am
IMG_20181009_075253

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা গুৰুত্বপূৰ্ণ এনিমেল কৰিডৰ পানবাৰী সংৰক্ষিত বনাঞ্চলত সোমবাৰে নিশা তীব্ৰ বেগী গাড়ীৰ খুন্দাত এটা নাহৰফুটুকী বাঘৰ মৃত্যু হয়।

নাহৰফুটুকী বাঘটোৰ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট হৈ আছে। সেয়ে মতা নাহৰফুটুকী বাঘটোয়ে নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতেই গাড়ীৰ খুন্দাত মৰে বুলি সন্দেহ প্ৰকাশ কৰিছে বন কৰ্মীয়ে৷

আজি পুৱতি নিশা ঘটনাস্থলীত মৃত নাহৰফুটুকীটো কৰ্মৰত বনকৰ্মীয়ে প্ৰতক্ষ্য কৰে ৷ পাছত মৃত বাঘটো বনকৰ্মীয়ে সংগ্ৰহ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ পাচতহে বাঘটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হ’ব বুলি জনাইছে বন কৰ্মীয়ে ৷

উল্লেখ্য যে পানবাৰী সংৰক্ষিত বনাঞ্চল নাহৰফুটুকী বাঘৰ অন্যতম বিচৰণ ভূমি বুলি জনা যায়। ইয়াৰ পূৰ্বেও পানবাৰীত ৩৭ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত নাহৰফুটুকী বাঘৰ মৃত্যু হৈছিল।

আনহাতে কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমীপতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ খুন্দাত এটা জহামালৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।