NORTHEAST NOW (Assamese)
অসম

জাগুনত বিদ্যুৎস্পৃষ্ট হৈ বন্য হস্তীৰ মৃত্যু

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ October 21, 2020 7:22 pm
Screenshot_20201021_185912
তিনিচুকীয়া জিলাৰ ডিগবৈ বনসংমণ্ডলৰ অধীনৰ জাগুন আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বিষ্ণুপুৰ গাঁ‌ৱত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ এটা বন্য হস্তীৰ মৃত্যু হয়।
প্ৰাপ্ত খবৰ অনুযায়ী, জাগুন ন-মাইলৰ বিষ্ণুপুৰৰ নিবাসী পৱন কুমাৰ ৰায় নামৰ এজন লোকৰ চাহ বাগানৰ ওপৰেদি যোৱা ১১ হাজাৰ কিলোভল্টৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁ‌ৰত লাগি বনৰীয়া হাতীটোৱে কৰুণ ভাৱে মৃত্যুক আঁকোৱালি লব লগা হয়।
মাটিৰ পৰা প্ৰায় ৬/৭ ফুট উচ্চতাৰে যোৱা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁ‌ৰৰ বিষয়ে স্থানীয় লোকে বিদ্যুৎ বিভাগৰ লোকক প্ৰায় এবছৰৰ পূৰ্বেই অৱগত কৰিছিল যদিও দায়িত্বৰ প্ৰতি অনিহা তথা কাণ্ডজ্ঞানহীনতাৰ বাবেই এনেদৰে বন্যজন্তুৱে কৰুণভাবে মৃত্যুক আঁকোৱালি লব লগা হল বুলি স্থানীয় লোকে মত প্ৰকাশ কৰিছে।
আজি পুৱাৰ ভাগত বন বিভাগ আৰু বিদ্যুৎ বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।