NORTHEAST NOW (Assamese)
Popular Stories

হাস্পতালৰ পৰাই হেৰাল কোভিড পজিটিভ পত্নী! : এজাহাৰ দাখিল স্বামীৰ; সন্ধান লাভ কৰা নাই আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 21, 2020 9:16 pm
MISSING-PERSONS-GRAPHIC-woman

এগৰাকী ২০ বছৰীয়া কোভিড পজিটিভ বিবাহিত যুৱতী নিৰুদ্ধেশ হৈছে চিকিৎসালয়ৰ পৰা। তাকো কোনো এলা পেচা চিকিৎসালয়ৰ পৰা নহয়, খোদ দিল্লীৰ সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান পৰা।

আৰক্ষীয়ে জনোৱা অনুসৰি যোৱা ১৮ অক্টোবৰত ২০ বছৰীয়া যুৱতী গৰাকীয়ে অসুস্থতাৰ বাবে AIIMSত চিকিৎসা কৰিবলৈ গৈছিল। AIIMSত কোভিড পৰীক্ষাৰ কৰাৰ পিছতে যুৱতীৰ গৰাকীৰ শৰীৰত ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

চিকিৎসালয়ৰ কৰ্মচাৰীয়ে যুৱতীগৰাকীক কোভিড কেন্দ্ৰত ভৰ্তি হ’বলৈ কৈছিল। কিন্তু তেওঁ কোভিড চেন্টাৰত ভৰ্তি নহৈ তাৰ পৰাই পলায়ন কৰে বুলি চিকিৎসালয়ৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়ে।

জানিব পৰা মতে তেতিয়াৰ পৰাই বিবাহিত যুৱতী গৰাকীয়ে নিৰুদ্ধেশ হৈ আছে।

ইফালে বিবাহিত যুৱতী গৰাকী নিৰুদ্ধেশ হৈ থকাত তেওঁ স্বামীয়ে আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

এজাহাৰ লাভ কৰিয়ে আৰক্ষীয়ে যুৱতী গৰাকীৰ সন্ধানত অভিযান চলায় জানিব পাৰে যে AIIMSৰ পৰা ওলায় যুৱতী গৰাকীয়ে দক্ষিণ দিল্লীৰ জামৰুদপুৰ ভাৰা ঘৰলৈ যায়।

কোভিড পজিটিভ যুৱতী গৰাকীয়ে ভাড়া ঘৰত থাকিলে ধৰা পৰা আশংকা কৰি মাতৃ ঘৰলৈ গুচি যোৱাৰ সন্দেহ কৰে আৰক্ষীয়ে। কিন্তু তাতো যুৱতী গৰাকীৰ সন্ধান লাভ নকৰিলে আৰক্ষীয়ে।

“তেওঁৰ আত্মীয়ই কয় যে, যুৱতীগৰাকী মাতৃৰ গৃহত উপস্থিত হোৱা নাই।” এজন আৰক্ষী বিষয়াই এইদৰে কয়।

ইফালে আৰক্ষীয়ে জনাইছে যে যুৱতী গৰাকীৰ স্বামীয়ে কোভিড চিকিৎসাৰ ভয়ত তেওঁৰ পত্নীয়ে চিকিৎসালয়ৰ পৰা পলায়ণ কৰাৰ অভিযোগ দাখিল কৰিছে। আৰু ইয়াৰ ভিত্তিতে যুৱতীগৰাকীৰ বিৰুদ্ধে মাৰাত্মক বীজাণু সংক্ৰমণ কৰাৰ অভিযোগত গ্ৰেটাৰ কৈলাশ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।