NORTHEAST NOW (Assamese)
অসম

অসমত ৪২৭ নতুন ক’ভিড আক্ৰান্ত, ২১৮৪ আৰোগ্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 23, 2020 10:31 pm
336 persons test Covid19 positive in Assam on Saturday

৪২৭গৰাকী ব্যক্তি শুকুৰবাৰে অসমত ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ২১৮৪গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

১৭,৪৯৬টা টেষ্টত এইসকলক ক’ভিড পজিটিভ পোৱা গৈছে।

পজিটিভৰ হাৰ হৈছে ২.৪৪ শতাংশ।

আৰোগ্যৰ হাৰ হৈছে ৮৮.২৮ শতাংশ।

১,৭৯,৮৪৩গৰাকী ব্যক্তিয়ে অসমত এতিয়ালৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগী ২২,৯৬৩ (।)

মুঠ ২,০৩,৭০৯গৰাকী ব্যক্তি এতিয়ালৈকে অসমত ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু চাৰিগৰাকী ক’ভিড১৯ ৰোগীয়ে শুকুৰবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯০০লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— শোণিতপুৰৰ সুনীল স্বামী (৬০) আৰু গংগা মায়া গুৰুং (৬০), কামৰূপ মহানগৰৰ উমেশ চন্দ্ৰ দাস (৭০) আৰু মৰিগাঁৱৰ ঊষা বৰদলৈ (২৫)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

বৃহস্পতিবাৰলৈকে অসমত ৮৯৬গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।