NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূবত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 23, 2020 8:56 pm
rainfall-pic-edited-again

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি আগন্তুক ২৪ ঘণ্টাত ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, দক্ষিণ অসম আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃ্ষ্টিপাতৰ সম্ভাৱনা আছে।

বংগোপসাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ ফলত পশ্চিমবংগৰ লগতে উত্তৰ-পূবৰ ৰাজ্য সমূহত প্ৰবল বৃষ্টিপাত হ’ব বুলি বতৰ বিজ্ঞান বিভাগে সদৰী কৰে।

বংগোপসাগৰত সৃষ্টি হোৱা এই নিম্নচাপ প্ৰথমে বাংলাদেশ আৰু পশ্চিমবংগ তাৰপাছত ক্ৰমে উত্তৰ-পূব অভিমুখে গতি কৰিব।

এই প্ৰবল বৃষ্টিপাতৰ ফলত চহৰীয়া অঞ্চল সমূহত ঠায়ে ঠায়ে কৃত্ৰিম বানপানী হোৱাৰো সম্ভাৱানা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

আনহাতে, বতৰ বিজ্ঞান বিভাগে এই সময়ছোৱাত উত্তৰ-পূবৰ পাহাৰীয়া অঞ্চল সমূহত ভূমিস্খলন হোৱাৰো আগজাননী দিছে।

বতৰ বিজ্ঞান বিভাগে হায়দৰাবাদত শুকুৰবাৰৰ পৰা বৰষুণ নহয় বুলিও লগতে কয়।

বিগত কিছুদিনত হায়দৰাবাদ আৰু তেলেংগানাৰ বিভিন্ন প্ৰান্ত প্ৰবল বৃষ্টিপাতৰ বাবে ভয়াবহ বানপানীৰ কবলত পৰিবলগীয়া হৈছিল।