NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰা জিলাত ১২৫ মণ্ডপত অনুষ্টুপীয়াকৈ আয়োজন দুৰ্গোৎসৱ

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা October 23, 2020 10:51 pm
Durga Puja in Goalpara district Durga Puja in Goalpara district
যা দেবী সর্বভূতেষু শক্তি ৰূপেন সংস্থিতা।
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।।
আৰম্ভ হল লক্ষ লক্ষ জনতাৰ আকাংক্ষিত ধৰ্মীয় উৎসৱ শাৰদীয় দূৰ্গা পূজা ৷ পিছে ক’ডিড ১৯ সৃষ্ট মহামাৰীৰ সন্ত্ৰাস আৰু প্ৰতিকুল বল  ম্লান কৰিলে উৎসৱৰ সকলো আনন্দ উল্লাস ৷
চতুৰ্দিশে নিমাওমাও পৰিবেশ ৷ নাই কোনো চকু চাত মাৰি ধৰা পেণ্ডেল,নাই ঢাক ঢোলৰ ৰজনজননি ৷ দোকান-পোহাৰ-মেলা-প্ৰদৰ্শনী একোৰে ব্যৱস্থা নাই কোনো এখন পূজাথলীত ৷
সকলো পূজা সমিতিয়ে চৰকাৰী কৰ্তৃপক্ষই বান্ধি দিয়া কঠোৰ নীতি নিৰ্দেশনাৰ মাজত মাথোঁ পৰম্পৰা ৰক্ষা কৰিবলৈহে যেন আয়োজন কৰিছে শাৰদ উৎসৱ ৷
গোৱালপাৰা জিলাখনো ইয়াৰ ব্যতিক্ৰম নহয় ৷ সদৰৰ ৩৫ খন পূজা মণ্ডপকে ধৰি জিলাখনত এইবেলি মুঠ ১২৫ খন মণ্ডপত অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷
তাৰ মাজতে সকলো পূজা সমিতিয়ে কঠোৰ দৃষ্টি ৰাখিছে চৰকাৰী নীতি নিৰ্দেশনা যাতে কোনো কাৰণতে ভংগ নহয় ৷
জিলাখনৰ ঐতিহাসিক  শ্ৰীশ্ৰী টুক্ৰেশ্বৰী দেৱালয়তো ৰজা দিনীয়া পৰম্পৰা ৰক্ষা কৰি আৰম্ভ হল দূৰ্গা পূজা৷
মহাষষ্ঠী পূজাৰ অন্তত ৰজা দিনীয়া পৰম্পৰা মানি দেৱালখনৰ কাষৰীয়া হাদীগাৱঁৰ এডাল বিশেষ বেল গছাৰ পৰা বেল আদৰি আনি আজি ৰাতিপুৱা আৰম্ভ কৰিছে মহাসপ্তমী পূজা ৷
ষষ্ঠীৰ পূজা সামৰি পুৰোহিতৰ দল এটা ঢ়লে-দগৰে কাষৰীয়া হাদীগাৱঁৰ পৰা বেল লৈ অহাতো এক ৰজাদিনীয়া নিয়ম ৷  কাইলৈ মহানৱমী গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয় হাহঁ, ছাগলী,কমোৰা,কুহিয়াৰ,পাৰচৰাই ,ম’হ আদিকে ধৰি অনুষ্টিত হব লক্ষ্য বলি ৷
এইবাৰ দেৱালয় খন তিনিটাকৈ ম’হ বলি দিয়া হব ৷
ইপিনে দেৱালয় খনৰ ৰজাদিনীয়া পৰম্পৰাৰ ৰক্ষা কৰি মহানৱমীৰ বলিৰ তেজ পান কৰিব দেৱালয়ৰ কপি কুলে ৷ দেৱালয় পৰিচালনা সমিতিয়ে ৰজাদিনীয়া পৰম্পৰা ৰক্ষা কৰাৰ লগতে চৰকাৰে বান্ধি দিয়া ক’ভিদ ১৯ৰ সকলো নীতি নিয়ম পালন কৰাৰ বাবেও সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷
সমিতিয়ে ভক্তপ্ৰাণ ৰাইজক দেৱালয় প্ৰাংগণত অনাহক ভিৰ নকৰি নিজ নিজ ঘৰৰ পৰাই মাৰ চৰণত সেৱা আগবঢ়াবলৈ আহ্বান জনাইছে৷