NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালে কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 27, 2020 2:35 pm

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু অধিকাৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামদাস আথাৱালেৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

কোভিড প’জিটিভ হোৱা ৰামদাস আথাৱালেক দক্ষিণ মুম্বাইৰ বোম্বে হস্পিটেলত ভৰ্তি কৰোৱা হৈছে।

অভিনেত্ৰী পায়েল ঘোষে ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া চমুকৈ আৰ পি আইত যোগদান কৰাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ এদিনত পাছতে আথাৱালেৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

উক্ত যোগদান অনুষ্ঠানত আথাৱেলৰ সৈতে ভালেকেইগৰাকী দলীয় নেতাই অংশগ্ৰহণ কৰিছিল।

মহাৰাষ্ট্ৰৰ ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াৰ জেষ্ঠ নেতা গৰাকী কোভিড আক্ৰান্ত হোৱাৰ পাছতে দলটোৰ সদস্য সকলে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে।

উল্লেখযোগ্য যে, আথৱালেৰ পূৰ্বে মহাৰাষ্ট্ৰৰ উপ-মুখ্য মন্ত্ৰী অজিত পাৱাৰো ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল।

অজিত পাৱাৰৰ শৰীৰত ক’ৰ’নাৰ বিশেষ লক্ষণ দেখুওৱা নাই যদিও চিকিৎসকৰ পৰামৰ্শ অনুসৰি মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি হৈছে।