NORTHEAST NOW (Assamese)
Popular Stories

দিবন, পিকে, সঞ্জিত ৰৌ-বৰালী নহয়! এতিয়াও কিয় তদন্তৰ আওতালৈ নাহিল প্ৰাঞ্জল বৰুৱা?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 27, 2020 8:43 pm

ৰাজ্য কঁপাই যোৱা আৰক্ষী উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ কেলেংকাৰীত এতিয়ালৈকে প্ৰায় ৫০ গৰাকী লোক গ্ৰেপ্তাৰ হ’ল। তথাপিও এতিয়াও বহু ৰৌ-বৰালী জালত পৰা নাই বা সেই পুখুৰীত জাল পেলোৱা হোৱা নাই বুলি বহুতে অভিযোগ উত্থাপন কৰিছে।

অধিকাংশ লোকৰে প্ৰশ্ন হ’ল- ‘সঞ্জিত কৃষ্ণতে স্তব্ধ নেকি CID আৰু আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া? ‘

এইখিনিতে নাম ল’ব লাগিব এমেনটকৰ স্বত্বাধিকাৰী প্ৰাঞ্জল বৰুৱা আৰু তেওঁৰ সতীৰ্থ কোচবিহাৰৰ কৌশিক চৰকাৰৰ। কিয়নো পৰীক্ষা অনুষ্ঠিত কৰা তথা প্ৰশ্নকাকত প্ৰস্তুত কৰা অন্যতম ব্যক্তিগত কোম্পানী এমেনটেকৰ স্বত্বাধিকাৰী প্ৰাঞ্জল ওৰফে বটল আৰু কৌশিককে ধৰি কোনো এজনকো বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী অথবা চিআইডিয়ে।

সুত্ৰ অনুসৰি অক্ষয় টেলি কমিউনিকেশ্যন আৰু এমেনটেক কনচালটেন্সি প্ৰাইভেট লিমিটেড মিলি বঙাইগাওঁত SI পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত কৰিছিল।

প্ৰশ্ন হৈছে, সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি পৰিবেশন হোৱাৰ পাছতো কাৰ আশীৰ্বাদপুষ্ট এই প্ৰাঞ্জল বৰুৱা? কিয় বৰ্তমানলৈকে তদন্তৰ আওতালৈ  নাহিল প্ৰাঞ্জল?

এই প্ৰশ্নৰ সন্ধানতে নৰ্থ ইষ্ট নাওৰ সাংবাদিক গৈছিল ছয়মাইল ভিআইপিৰোডস্থিত ৰাধানগৰৰ অচ্যুত নেষ্ট এপাৰ্টমেন্টলৈ। তাত উপস্থিত লোকক প্ৰাঞ্জল বৰুৱাৰ বিষয়ে সোধাত তেওঁলোক অৱগত নহয় বুলি কয়।

কিন্তু উক্ত অঞ্চলৰে বাসিন্দাই আমাক জনোৱা অনুসৰি সেই এপাৰ্টমেন্টতে থাকে অভিযুক্ত প্ৰাঞ্জল আৰু কৌশিক চৰকাৰ।

অৱশ্যে, SI কেলেংকাৰীত নাম সাঙোৰ খোৱাৰ পাছৰে পৰা উক্ত এপাৰ্টমেন্টত দেখা-সাক্ষাৎ নোহোৱা হ’ল দুয়ো অভিযুক্তৰ।

কিন্তু কিছুসংখ্যক লোকে দাবী কৰা মতে ছয়মাইল অঞ্চলতে বৰ্তমানো ঘুৰা-ফুৰা কৰি আছে অভিযুক্ত প্ৰাঞ্জলে।

ইপিনে, ৰাধানগৰৰ পৰা আমাৰ সাংবাদিকে পোনে পোনে যাত্ৰা কৰিলে পাঞ্জাবাৰীৰ ফকৰুদ্দিন আলি আহমেদ নগৰৰ ৰ’জউড ৰেচিডেন্সিত থকা এমেনটেকৰ কাৰ্য্যালয়লৈ।

তাত উপস্থিত হৈ ৰেচিডেন্সিৰ চকীদাৰক সাক্ষাৎ কৰি এমেনটেকৰ কাৰ্য্যালয়ৰ কথা জানিবলৈ বিচাৰে আমাৰ সাংবাদিকে। কিন্তু তেওঁ জনোৱা অনুসৰি সেই কাৰ্য্যালয় SI কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খোৱাৰ মুহূৰ্তৰে পৰা বন্ধ হৈ আছে। ৰেচিডেন্সীৰ চি-১০১ নম্বৰ পাৰ্টত এমেনটেকৰ কাৰ্য্যালয় আৰু বৰ্তমান কাৰ্য্যালয়টোত ওলমি আছে এটা প্ৰকাণ্ড তলা।  ফুলন নামৰ মৰিগাওঁৰ লোক এজনে কাৰ্য্যালয়টোৰ চোৱা-চিতাৰ দায়িত্বত আছিল যদিও কিছুদিন পূৰ্বে তাৰ পৰা তেওঁ গুচি যায়।

পূৰ্বতে বহু বিলাসী বাহনৰ এই কাৰ্য্যালয়লৈ আহ-যাহ হৈছিল যদিও এতিয়া এখনো গাড়ী সেই কাৰ্য্যালয়লৈ নাহে।

এইখিনিতে এটা প্ৰশ্ন উত্থাপন কৰিব পাৰি যে, যদি প্ৰকৃততে এমেনটেক প্ৰাইভেট লিমিটেড দোষী নহয় তেন্তে কিয় বন্ধ কৰি ৰাখিছে তেওঁলোকৰ কাম-কাজ? কিয় আজি পৰ্য্যন্ত চিআইডি নাইবা আৰক্ষীৰ অপৰাধ শাখাই অভিযান নচলালে প্ৰাঞ্জল বৰুৱাৰ মালিকাধীন এমেনটেক কনচালটেন্সি প্ৰাইভেট লিমিটেডৰ কাৰ্য্যালয়ত? দিবন, পিকে , সঞ্জিত আৰু অক্ষয়ৰ দৰে কিয় এতিয়াও চিআইডি, আৰক্ষী অপৰাধ শাখাৰ জালখন পৰা নাই প্ৰাঞ্জল বৰুৱাৰ ওপৰত?

এটা ব্যক্তিগত ৱেব পৰ্টেলত প্ৰকাশিত বাতৰি অনুসৰি পৰীক্ষা অনুষ্ঠিত হোৱাৰ ১০-১২ দিন পূৰ্বে দুখন ট্ৰেভেলাৰ আৰু এখন ট্ৰাকৰে বহুসংখ্যক কাগজৰ টোপোলা লৈ যোৱা হৈছিল এমেনটেকৰ কাৰ্য্যালয়ৰ পৰা। সেই কাগজৰ টোপোলাসমূহ কিয় তেনেদৰে লৈ যোৱা হৈছিল বা কিহৰ টোপোলা আছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

সমাজ কল্যাণ, বন বিভাগৰ কেলেংকাৰীকে ধৰি অন্য কেলেংকাৰীৰ লগতে প্ৰাঞ্জলৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপিত হৈছে। আনকি এমেনটেকৰ প্ৰাঞ্জল বৰুৱা, কৌশিক চৰকাৰ আৰু জাকিৰৰ বিৰুদ্ধে প্ৰতিবন্ধী নিযুক্তিটো ব্যাপক কেলেংকাৰী সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

দিব্যাংগ নোহোৱা স্বত্তেও দিব্যাংগ দেখুৱাই এটা পৰিয়ালৰ দুই-তিনিগৰাকীকৈ লোকক চাকৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে হোৱা টেলিফোনিক বাৰ্তালাপত মালাকাৰে কয় ‘ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ মুঠ ৩৫২ টা পদত নিযুক্তিত ব্যাপক কেলেংকাৰী সংঘটিত কৰিছিল অক্ষয় টেলি কমিউনিকেশ্যন, এমেনটেককে আদি কৰি বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানে। এই বিষয়ে আৰক্ষী নিযুক্তি বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ প্ৰদীপ কুমাৰক জনাইছিলো যদিও তেওঁলোকে বুদ্ধিৰে সমগ্ৰ বিষয় অন্যফালে ঢাল খোৱাবলৈ চেষ্টা কৰিছিল।‘

‘অৱশেষত এই কেলেংকাৰীৰ কথা মুখ্যমন্ত্ৰীকো অৱগত কৰিছিলো। কেৱল আমাৰ নিযুক্তিৰ পৰাই এই কোম্পানীকেইটাক বাদ দিয়া নহয়, সকলো নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰাই এই কোম্পানীকেইটাক বিৰত ৰাখিব লাগে। ২০১৯ চনৰ ডিচেম্বৰ মাহত এই কথাখিনি মুখ্যমন্ত্ৰীক জনাইছিলো।‘ মালাকাৰে এইদৰে কয়।

মুখ্যমন্ত্ৰীৰ সৈতে লিখিত কাৰ্য্য বিৱৰণী এখন হৈছিল যদিও তেওঁলোকে সেই মুহূৰ্তত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি মালাকাৰে অভিযোগ উত্থাপন কৰে।

তেওঁ প্ৰশ্ন কৰি লগতে কয় ‘কি কাৰণে বৰ্তমানলৈকে প্ৰাঞ্জল বৰুৱাক কোনেও তদন্তৰ আওতালৈ আনিব নোৱাৰে? এয়া এক ৰহস্যৰ বিষয়। তেওঁৰ ওপৰত অদৃশ্য শক্তিৰ এক হাত আছে। সেয়েহে সোধ-পোছ দূৰৰ কথা প্ৰাঞ্জল বৰুৱাৰ নাম ল’বলৈকে ভয় কৰে আৰক্ষী প্ৰশাসনে।‘

‘প্ৰতিবন্ধীৰ নিযুক্তিৰ ক্ষেত্ৰত যদি খেলি-মেলি কৰিব পাৰে সাধাৰণ নিযুক্তিত কিয় প্ৰাঞ্জল বৰুৱাৰ দৰে লোকে খেলি-মেলি নকৰিব?’ মালাকাৰৰ প্ৰশ্ন।

উল্লেখযোগ্য যে, দহ বছৰৰ পূৰ্বে শিৱসাগৰৰ নগৰ বৰ্ডিং ৰোডত এগৰাকী ৰহস্যময়ী মহিলাৰ লগ লাগি কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰি নিজৰ ব্যৱসায় আৰম্ভ কৰিছিল প্ৰাঞ্জলে। শিৱসাগৰৰ শংকৰ মন্দিৰ পথৰ বাসিন্দা প্ৰাঞ্জলৰ পূৰ্বে আছিল এখন সামান্য স্কুটাৰ। কিন্তু তেওঁৰ হাতলৈ এনে কি আলাউদ্দিনৰ চাকি আহিল যে কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী হ’ল প্ৰাঞ্জল বৰুৱা!

আনকি এক সুত্ৰই জনোৱা অনুসৰি বহু শীৰ্ষ আৰক্ষী বিষয়াৰ একপ্ৰকাৰৰ ভাত ঘৰত পৰিণত হৈছিল অভিযুক্ত প্ৰাঞ্জলৰ।

ইয়াৰোপৰি, এই আৰক্ষী উপ পৰিদৰ্শক পদৰ কেলেংকাৰী সংঘটিত হোৱা ১০-১৫ দিন পূৰ্বে প্ৰাঞ্জলে মাতৃকো এখন বিলাসী গাড়ী উপহাৰ দিছিল বুলি সুত্ৰত প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে, আজি চিআইডিয়ে মহানগৰীৰ এপ’ল’ হাস্পতালৰ পৰা অক্ষয় টেলি কমিউনিকেশ্যনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদ্যক গ্ৰেপ্তাৰ কৰিছে তথা আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।