NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিবিদা লাভ পেটেল ইঞ্জিনিয়াৰিঙৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 27, 2020 9:24 pm

চিভিল নিৰ্মাণকাৰী সংস্থা পেটেল ইঞ্জিনিয়াৰিঙে অৰুণাচল প্ৰদেশত নিৰ্মাণ হ’বলগীয়া ২০০০ মেগাৱাটৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ বাবে ১,৫৬৪.৪২ কোটি টকাত নিবিদা লাভ কৰিছে।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ভাৰতৰ ভিতৰতে সবাটোকৈ ডাঙৰ জলবিদ্যুৎ প্ৰকল্প হিচাপে চিহ্নিত হ’ব।

অৰুণাচল প্ৰদেশৰ কামলে জিলাৰ কলাপটুকাৰ গাঁৱত নিৰ্মাণ কৰা হ’ব এই প্ৰকল্পটো।

এই প্ৰকল্পটোত পাৱাৰ হাউচ কমপ্লেক্সৰ লগতে এইচ্চ আৰ টি ইনটেক ষ্ট্ৰাক্সাৰ, টেইল ৰেচ চেনেলৰ উপৰি আঠটা এইচ্চ আৰ টি ইনটেক ষ্ট্ৰাক্সাৰ নিৰ্মাণ কৰা হ’ব।

ইয়াৰ উপৰি ঘোঁৰাৰ খুৰা আকৃতিৰ আঠটা হেড ৰেচ টানেল, আঠটা ৮ মিটাৰ দায়েমিটাৰ চাৰকুলাৰ ষ্টিল লাইনড প্ৰেছাৰ চেফটছ, চাৰফেচ পাৱাৰ হাউচৰ লগতে কন্ট্ৰ’ল ব্লক আৰু ট্ৰেন্সফৰ্মাৰ হলো নিৰ্মাণ কৰিব।

আনহাতে নদীক সংলগ্ন কৰিবলৈ ২০৬ মিটাৰ প্ৰস্থ আৰু ৩৫ মিটাৰ দৈৰ্ঘ্যৰ টেইলৰেচ চেনেলো নিৰ্মাণ কৰা হ’ব।