NORTHEAST NOW (Assamese)
অসম

শিশুৱে কোভিড-১৯ৰ সংক্ৰমণ ঘটাব পাৰে : আই চি এম আৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 28, 2020 1:40 pm

ভাৰতীয় চিকিৎসা গৱেষণা সংস্থা চমুকৈ আই চি এম আৰে শিশু সকলে ক’ৰ’না সংক্ৰমণ কৰিব পাৰে বুলি শেহতীয়াভাৱে মত প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বে আই চি এম আৰে শিশু আৰু বয়োজেষ্ঠ লোকসকলক ক’ৰ’না সংক্ৰমণৰ ক্ষেত্ৰত আটাইতকৈ সংবেদনশীল বুলি উল্লেখ কৰিছিল।

‘‘এয়া মিজোৰামত দেখা গৈছে, য’ত সক্ৰিয় কোভিড সংক্ৰমণৰ ঘটনা তাকৰ,’’ আই চি এম আৰৰ সঞ্চালক বলৰাম ভাৰ্গৱে মঙলবাৰে কয়।

১৭ বছৰতকৈ তলৰ মাত্ৰ ৮ শতাংশ শিশু তথা কিশোৰৰ দেহতহে কোভিডৰ উপস্থিতি দেখা পোৱা গৈছে।

আনহাতে, ৫ বছৰতকৈ কম বয়সৰ শিশুৰ ক্ষেত্ৰত এই সংখ্যা ১ শতাংশতকৈয়ো কম বুলি আই চি এম আৰে কয়।

তদুপৰি, ভাৰতত বৰ্তমানলৈ কোভিড ৰোগী সকলৰ শৰীৰত কাৱাছকি ৰোগৰ কোনোধৰণৰ লক্ষণ দেখা দিয়া নাই বুলিও ভাৰ্গৱে লগতে কয়।

মঙলবাৰে ভাৰতৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে, তেওঁলোকে সমগ্ৰ দেশত বৰ্তমানলৈ ১০ কোটিতকৈ অধিক ক’ৰ’নাৰ পৰীক্ষা কৰিছে আৰু দেশত ক’ৰ’নাৰ পৰা আৰোগ্য লাভৰ হাৰ ৯০ শতাংশতকৈ অধিক হৈছে।