NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত কাজিৰঙা লাইভৰ তৃতীয় বৰ্ষপুৰ্তিৰ বিশেষ অনুষ্ঠান সম্পন্ন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া October 28, 2020 4:11 pm
Screenshot_20201028-153541~2

কাজিৰঙাৰ অন্যতম বৈদ্যুতিন সংবাদ মাধ্যম কাজিৰঙা লাইভৰ তৃতীয় বৰ্ষপুৰ্তিৰ বিশেষ অনুষ্ঠান আজি কাজিৰঙাত অনুষ্ঠিত হৈ যায়৷

কাজিৰঙাৰ কহঁৰাত থকা বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আয়োজিত আৰু সংগঠনটোৰ মুখ্য সম্পাদক ভৱানন্দ কলিতাৰ পৌৰহিত্যত অনুষ্ঠিত এই বৰ্ষপুৰ্তি অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগ, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ উপ সভাপতি বুবুল দত্ত, কাজিৰঙা লাইভৰ কাৰ্যকৰী সম্পাদক নীলপদ্ম শৰ্মাৰ উপৰিও বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে৷

অনুষ্ঠানত কাজিৰঙা লাইভৰ তৃতীয় বৰ্ষপুৰ্তিত শুভেচ্ছা জনায় দিয়া ভাষণত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে কাজিৰঙাৰ বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণত বৈদুতিন মাধ্যম কাজিৰঙা লাইভৰ অৱদানৰ কথা কৈ কাজিৰঙা লাইভে ৰাষ্ট্ৰীয় উদ্যানৰ পাঁচোখন জিলাকেই সামৰিব ল’বৰ বাবে আহ্বান জনায়৷

আমন্ত্ৰিত অতিথিৰ উপৰিও কাজিৰঙা জীপ চাফাৰী সন্থাৰ সভাপতি তুলশী বৰদলৈ, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ স্বপন নাথ, কাজিৰঙা নিউজ নেটৱৰ্কৰ প্ৰদ্যুত মহন্ত, শিল্পী পাপু ঘোষ আদি বিভিন্ন জনে কাজিৰঙা লাইভৰ তৃতীয় বৰ্ষপুৰ্তিত শুভেচ্ছা জ্ঞাপন কৰে৷

অনুষ্ঠানতে তৃতীষ বৰ্ষপুৰ্তি উপলক্ষে কেক কটাৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজিত ৰচনা আৰু প্ৰৱন্ধ প্ৰতিযোগিতাৰ স্থান প্ৰাপ্ত প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয় ৷