NORTHEAST NOW (Assamese)
Popular Stories

কলকতাৰ বস্তি অঞ্চলত বিধ্বংসী অগ্নিকাণ্ড : ৬০ৰো অধিক জুপুৰি ভষ্মীভূত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 10, 2020 7:36 pm
aaaaa

কলকতাৰ এক বস্তি অঞ্চলত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড।

চৰকাৰী সূত্ৰৰ মতে কলকতা মহানগৰৰ ট’পচীয়া অঞ্চলত মংগলবাৰে(আজি) বিয়লি ৩.৩০ মান বজাত সংঘটিত হয় অগ্নিকাণ্ডটো।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ ৬ খন বাহনে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

“অগ্নিকাণ্ডটোত কোনো লোক হতাহত হোৱা নাই। আমাৰ বিষয়া আৰু কৰ্মচাৰীসকলে অগ্নি নিৰ্বাপন কৰিবলৈ প্ৰাণপণে চেষ্টা কৰি আছে।” চৰকাৰী সূত্ৰটোৱে কয়।

অগ্নিকাণ্ডৰ খবৰ পায়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেৰ্নাজীয়ে অগ্নিকাণ্ড সংঘটিত হোৱা অঞ্চলটোত উপস্থিত হয়।

ইফালে এই প্ৰতিবেদন প্ৰস্তুত কৰি থকা সময়লৈকে অগ্নিকাণ্ডটোৰ জুই নিয়ন্ত্ৰণৰ খবৰ লাভ কৰা নাই।

আনহাতে অগ্নিকাণ্ডটোত কিমান পৰিমাণৰ সম্পত্তি ক্ষয় ক্ষতি হৈছে সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব।