NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাৰ নিজ বাসগৃহত উপস্থিত কাশ্মীৰত শ্বহীদ হোৱা বীৰ জোৱান সুদীপ সৰকাৰৰ নশ্বৰ দেহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 10, 2020 7:50 pm

জম্মু-কাশ্মীৰত শ্বহীদ হোৱা বি এছ এফৰ জোৱান সুদীপ সৰকাৰৰ নশ্বৰ দেহ আজি গৃহৰাজ্য ত্ৰিপুৰাত উপস্থিত হয়।

শনিবাৰে নিশা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা এক অভিযানৰ সময়ত জম্মু-কাশ্মীৰত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল বি এছ এফৰ জোৱান সুদীপ সৰকাৰে।

মঙলবাৰে সন্ধিয়া আগৰতলাত থকা নিজ বাসগৃহত সুদীপৰ নশ্বৰ দেহ আহি উপস্থিত হোৱাৰ পাছতে লোকে লোকাৰণ্য হৈ পৰে শ্বহীদ গৰাকীৰ বাসগৃহ।

আনহাতে, সুদীপ সৰকাৰৰ নশ্বৰ দেহ আগৰতলা বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে বি এছ এফৰ বিষয়া আৰু জোৱান সকলে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে শ্বহীদ গৰাকীৰ নশ্বৰ দেহ বাসগৃহলৈ আহি পোৱাৰ পাছতে তেওঁৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে উপস্থিত হয়।

‘‘কাশ্মীৰত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ কৰি সুদীপ সৰকাৰে নিজৰ প্ৰাণ আহুতি দিছে। জোৱান সকলতকৈ কোনো আত্মত্যাগী হ’ব নোৱাৰে,’’ বিপ্লৱ কুমাৰ দেৱে সুদীপ সৰকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এনেদৰে কয়।

বিপ্লৱ কুমাৰ দেৱৰ উপৰি ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মানিক সৰকাৰেও বীৰ জোৱান গৰাকীৰ গৃহত উপস্থিত হৈ পৰিয়ালৰ লোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।