NORTHEAST NOW (Assamese)
Popular Stories

জ্বৰে এৰিলেও যেন কৰ্পটিয়ে নেৰা হৈছে!: দ্বিতীয় ৱেভ ক’ৰ’ণা; স্পেইনৰ পিছত ফ্ৰান্সত পুনৰ লকডাউন ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 29, 2020 7:39 am
nz_paris_291033

দ্বিতীয় পৰ্যায়ৰ ক’ৰ’ণা সংক্ৰমণ প্ৰতিৰোধৰ বাবে ফ্ৰান্সত ঘোষণা কৰা হৈছে পুনৰ সম্পূৰ্ণ লকডাউন।

বুধবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক’ৰ্ণে অহা ১ ডিচেম্বৰলৈকে দেশখনত পুনৰ লকডাউন বলৱৎ থাকিব বুলি ঘোষণা কৰিছে।

“ভাইৰাছটো ফ্ৰান্সত এনে তীব্ৰ গতিত পুনৰ সংক্ৰমণ ঘটিছে যে যিটো কোনেও ভৱিষ্যৎ বাণী কৰিব পৰা নাছিল।” লকডাউন বলৱৎ কৰি টেলিভিছনৰ যোগে দেশবাসীক সম্বোধি দিয়া ভাষণত ৰাষ্ট্ৰপতি গৰাকীয়ে কয়।

উল্লেখ্য যে দুসপ্তাহৰ পূৰ্বে ৰাষ্ট্ৰপতি গৰাকীয়ে ৰাজধানী পেৰিছৰ লগতে দেশৰ মূল মূল চহৰসমূহত সান্ধ্য আইন বলৱৎ কৰিছিল যদিও ক’ৰ’ণা ভাইৰাছ সংক্ৰমণৰ দ্বিতীয় ৱেভ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে দেশখনে। বৰং দেশখনত কোভিড আক্ৰান্ত মৃত্যুৰ সংখ্যাই ৩৫,৫০০ অতিক্ৰম কৰিছে।

ইয়াৰ পিছতে দেশত ক’ৰ’ণাৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ দেশখনৰ ৰাষ্ট্ৰপতিয়ে দেশত এমাহৰ বাবে সম্পূৰ্ণ লকডাউন বলৱৎ কৰাৰ কথা ঘোষণা কৰিছে।

“ইউৰোপৰ আন ঠাইৰ দৰে আমিও দ্বিতীয়টো ৱেভত প্ৰৱেশ কৰিছো আৰু সম্ভৱত ই হয়তো আমাৰ বাবে পূৰ্বতকৈ অধিক কঠিন মাৰাত্মক হ’ব।” ৰাষ্ট্ৰপতি ইমানুৱেলে কয়।

ৰাষ্ট্ৰপতি গৰাকীয়ে লগতে আৰু কয় “যদি আমি এতিয়াই কিবা এটা নকৰো তেনেহ’লে কেইটামান মাহৰ ভিতৰত আমি ৪ লক্ষাধিক লোকক হেৰুৱাব লাগিব।”

ৰাষ্ট্ৰপতি মাক’ৰ্ণে দেশবাসীক সকীয়নি দি লগতে কয় যে ইতিমধ্যে দেশখনত ৩০০০ৰো অধিক ক’ৰ’ণাক্ৰান্তক আই চি ইউত চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু নৱেম্বৰৰ মাজ ভাগলৈ এই সংখ্যাই ৯ হাজাৰৰো অধিক অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে দেশখনত ক’ৰ’ণাত আক্ৰান্ত হৈ প্ৰায় ৩৬ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। কেৱল বুধবাৰৰ দিনটোতে কোভিডত আক্ৰান্ত ২৪৪ জন লোকে মৃত্যুক আকোৱালি লৈছে দেশখনত।