NORTHEAST NOW (Assamese)
Popular Stories

মহানগৰৰ বিভিন্ন স্থানত আপৰ কৰ্মকৰ্তাই চলালে চেনিটাইজেশ্যন

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ April 10, 2020 8:03 pm
যি সময়ত ল’কডাউন অমান্য কৰি মহানগৰৰ একাংশ ব্যক্তি বিনা কাৰণত ৰাস্তালৈ ওলাই আহি নিজৰ অদূৰদৰ্শিতাৰ পৰিচয় দিছে তেনে সময়তে আম আদমি পাৰ্টি’ৰ গুৱাহাটী সমিতিয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ।
আজি আপৰ গুৱাহাটী সমিতিৰ সমন্বয়ক মাধুৰ্য শইকীয়াৰ নেতৃত্বত বহুকেইজন কৰ্মকৰ্তাই মহানগৰৰ কাহিলীপাৰা, জাপৰিগোগ, সুন্দৰপুৰ, গনেশ মন্দিৰ আদি স্থানত চেনিটাইজিং কাৰ্যসূচী ৰূপায়ণ কৰে।
এই অঞ্চলসমূহৰ বাট পথ, পথৰ কাষৰ দোকান, মছজিদ, মন্দিৰ তথা ঘৰৰ সন্মুখত স্প্ৰে’ মেচিনৰ সহায়ত চেনিটাইজ কৰে।
আপৰ গুৱাহাটী সমিতিৰ সমন্বয়ক মাধুৰ্য শইকীয়াই কয়, ‘বিশ্বব্যাপী মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ আমি নিজে সজাগ আৰু সতৰ্ক থকা উচিত। সামাজিক ব্যৱধান মানি চলি, হাত ধুই থকাৰ লগতে আমাৰ চাৰিওফালৰ পৰিৱেশ পৰিস্কাৰ কৰি ৰাখিব লাগো।’
আম আদমি পাৰ্টিৰ গুৱাহাটী সমিতিৰ উদ্যোগত অনাগত দিনত মহানগৰৰ আন আন স্থান এইদৰে চেনিটাইজ কৰা হ’ব বুলি জানিবলৈ দিয়ে আপৰ গুৱাহাটী সমিতিৰ সমন্বয়কজনে।