NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত মহানগৰ আৰক্ষীৰ তালাচী; জব্দ আইন উলংঘা কৰা বাহন

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 10, 2020 7:14 pm

গুৱাহাটী মহানগৰীত আজিৰে পৰা যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কঠোৰ হৈছে মহানগৰ আৰক্ষী প্ৰশাসন।

মহানগৰ আৰক্ষী প্ৰশাসনে যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছুমান নতুন নিয়ম প্ৰযোজ্য কৰিছে।

শুকুৰবাৰে আৰক্ষীয়ে মহানগৰীৰ কেইবাটাও স্থানত তালাচী চলাই আৰু আইন উলংঘা কৰা চালক সকলৰ বাহন সমূহ জব্দ কৰে।

আৰক্ষীয়ে উলুবাৰী, পানবজাৰ, ভৰলুমুখ আদিৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত তালাচী চলায়।

যান-বাহন আৰক্ষী শাখাই প্ৰযোজ্য কৰা নতুন নিয়ম সমূহ জৰৰুকালীন বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় আৰু সাধাৰণ লোকৰ বাবেও ল’ৰডাউন চলি থকা হেতুকে এই নিয়ম এতিয়ালৈ কাৰ্য্যকৰী কৰা হোৱা নায়।

আনহাতে, অনুমতি পত্ৰ নথকা জৰুৰীকালীন বাহনৰ ক্ষেত্ৰত বৰ্তমানো নিষেধাজ্ঞা অব্যাহত আছে বুলি মহানগৰ আৰক্ষীয়ে জানিবলৈ দিয়ে।

ল’কডাউনৰ সময়ত বিভিন্ন লোকে বিভিন্ন অজুহাত দেখুৱাই অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে ৰাজপথলৈ ওলাই অহাৰ বিপৰীতে একাংশ লোকে চিকিৎসকৰ ঔষধৰ তালিকা লৈ ৰাজপথলৈ ওলাই অহাত আৰক্ষী বিপাঙত পৰা দেখা গৈছে।