NORTHEAST NOW (Assamese)
অসম

যোৱা ২৪ ঘণ্টাত ৪৮,৬৪৮ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত, ৫৬৩ গৰাকীৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 30, 2020 10:21 am
767 persons test Covid19 positive in Assam on Friday

ভাৰতত যোৱা ২৪ ঘণ্টাত ৪৮,৬৪৮ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰ ফলত ভাৰতত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৮০,৮৮,৮৫১ লৈ বৃদ্ধি পালে।

আনহাতে বিগত ২৪ ঘণ্টাত দেশৰ ৫৬৩ গৰাকী লোকৰ ক’ৰ’নাৰ ফলত মৃত্যু ঘটিছে। মুঠ মৃতকৰ সংখ্যা বৃদ্ধি পাই হ’লগৈ ১,২১,০৯০ গৰাকী।

বৰ্তমান ভাৰতত ৫,৯৪,৩৮৬ গৰাকী ক’ৰ’না আক্ৰান্ত সক্ৰিয় হৈ থকাৰ বিপৰীতে ৭৩,৭৩,৩৭৫ গৰাকী লোক ক’ৰ’নামুক্ত হৈছে।

এই তথ্য আগবঢ়াইছে দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে।

ইফালে, আই চি এম আৰে জনোৱা মতে দেশত এই পৰ্যন্ত ১০,৭৭,২৮,০৮৮ গৰাকী লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে। ইয়াৰে ১১,৬৪,৬৪৮ গৰাকী লোকৰ টেষ্ট কৰা হৈছিল বৃহস্পতিবাৰে।

উল্লেখ্য যে, ৭ আগষ্টত ভাৰতত সংক্ৰমণৰ সংখ্যা ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ আৰু ৫ ছেপ্তেম্বৰত ৪০ লাখ হৈছিলগৈ।

আনহাতে ১৬ ছেপ্তেম্বৰত ৫০ লাখ, ২৮ ছেপ্তেম্বৰত ৬০ লাখ আৰু ১১ অক্টোবৰত ৭০ লাখ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।