NORTHEAST NOW (Assamese)
অসম

ফ্ৰান্সত হোৱা আক্ৰমণক লৈ ট্ৰাম্পৰ মন্তব্য : উগ্ৰ ইছলামিক সন্ত্ৰাসবাদী আক্ৰমণ ৰোধ কৰাটো প্ৰয়োজনীয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 30, 2020 11:16 am
donald-trump-1593956866

ফ্ৰান্সত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহনা জনাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইধৰণৰ উগ্ৰ ইছলামিক সন্ত্ৰাসবাদী আক্ৰমণক যিকোনো প্ৰকাৰে ৰোধ কৰাটো প্ৰয়োজনীয় বুলি মন্তব্য কৰিছে।

ট্ৰাম্পে বৃহস্পতিবাৰে এটা টুইটৰ জৰিয়তে মন্তব্য কৰি কয়, ‘ফ্ৰান্সৰ জনসাধাৰণৰ সৈতে আমি আছো। সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুঁজত আমেৰিকা নিজৰ সবাটোকৈ পুৰণি বন্ধুৰ সহযোগী’।

তেওঁ লগতে কয়, ‘যিকোনো প্ৰকাৰে উগ্ৰ ইছলামিক সন্ত্ৰাসবাদী আক্ৰমণ প্ৰতিৰোধ কৰিব লাগিব। কেৱল ফ্ৰান্সেই নহয় আন আন দেশবোৰেও এনেধৰণৰ আক্ৰমণবোৰ দীঘলীয়া সময়ৰ বাবে সহ্য কৰি থাকিব নোৱাৰে’।

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ উপৰি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ফ্ৰান্সত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক গৰিহনা জনাইছে।

উল্লেখ্য যে বৃহস্পতিবাৰে ফ্ৰান্সৰ নীছৰ এটা গীৰ্জা ঘৰত আক্ৰমণকাৰীয়ে তিনিজন লোকক চুৰিৰে আঘাত কৰি হত্যা কৰিছিল।

যোৱা দুইমাহৰ ভিতৰত দেশখনত এই ধৰণৰ তৃতীয়টো আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।