NORTHEAST NOW (Assamese)
অসম

টি-২০ ক্ৰিকেটৰ ইতিহাসত প্ৰথম গৰাকী বেটছমেন হিচাপে ১০০০ ছিক্সাৰ কোবোৱাৰ অভিলেখ ক্ৰিছ গেইলৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 31, 2020 7:21 am

টি-২০ ক্ৰিকেট ইতিহাসত ১০০০ টা ছিক্সাৰ কোবোৱা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে কিংগছ এলেভেন পঞ্জাৱৰ তাৰকা কেৰিবিয়ান বেটছমেন ক্ৰিছ গেইল।

ক্ৰিছ গেইলে নিজৰ টি-২০ কেৰিয়াৰৰ ৪০২ সংখ্যক খেলত এই অনন্য অভিলেখৰ অধিকাৰী হয়।

শুকুৰবাৰে আই পি এলৰ এখন খেলত ৰাজস্থানৰ বিৰুদ্ধে সাতটা ছিক্সাৰ কোবাই গেইলে টি-২০ ক্ৰিকেট ইতিহাসত প্ৰথম গৰাকী বেটছমেন হিচাপে ১০০০ টা ছিক্সাৰ কোবোৱাৰ অভিলেখ গঢ়ে।

গেইলৰ পাছতে আন এগৰাকী কেৰিবিয়ান ক্ৰিকেটাৰ কিৰণ পোলাৰ্ডে এই ক্ষেত্ৰত দ্বিতীয় স্থানত আছে।

পোলাৰ্ডে বৰ্তমানলৈ টি-২০ ক্ৰিকেটত ৬৯০ টা ছিক্সাৰ কোবাবলৈ সক্ষম হৈছে।

পোলাৰ্ডে আই পি এলত মুম্বাই ইণ্ডিয়ানছ দলক প্ৰতিনিধিত্ব কৰি আছে।

শুকুৰবাৰে ৰাজস্থানৰ বিৰুদ্ধে ক্ৰিছ গেইলে মাৰমুখী বেটিঙেৰে ৯৯ ৰান সংগ্ৰহ কৰি জোফ্ৰা আৰ্চাৰৰ বলত উইকেট হেৰুৱাই শতকৰ পৰা বঞ্চিত হয়।

৯৯ ৰানত আউট হোৱাৰ পাছত  গেইলে খেলপথাৰত নিজৰ বেট দলিয়াই পেলোৱা দেখা গ’ল।