NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব হাতী চাফাৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 31, 2020 10:36 am

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১ নৱেম্বৰৰ পৰা হাতী চাফাৰী আৰম্ভ হ’ব।

শনিবাৰে ৰাতিপুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই টুইটাৰযোগে এইকথা প্ৰকাশ কৰে।

চলিত বৰ্ষত কোভিড-১৯ৰ সংক্ৰমণৰ বাবে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হৈ থকাৰ পাছত বিগত ২১ অক্টোৱৰত পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পুনৰ পৰ্যটকৰ বাবে মুকলি হোৱাৰ পাছত অসমৰ লগতে অন্যান্য ৰাজ্যৰ পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভিৰ কৰা দেখা যায়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকসকলৰ বাবে মুকলি কৰাৰ ক্ষেত্ৰত সম্পুৰ্ণৰূপে কোভিড প্ৰট’কল মানি চলিছে বুলি জানিবলৈ দিয়ে।

পৰ্যটক সকলৰ বাবে মাস্ক পিন্ধা, চেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক কৰা হৈছে বুলি উদ্যান কৰ্তৃপক্ষই সদৰী কৰে।

উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী পৰ্যটক সকলৰ অন্যতম আকৰ্ষণ।

প্ৰতিবছৰে দেশ-বিদেশৰ ভালেসংখ্যক পৰ্যটকে আহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী কৰে।

ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষত কাজিৰঙাত বিদেশী পৰ্যটক অহা নায়।