NORTHEAST NOW (Assamese)
অসম

চাইকেল চলোৱাৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে শিৱসাগৰৰ পৰা মাজুলীলৈ চাইকেল ৰেলী শিৱসাগৰ চাইক্লিং ক্লাৱৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ October 31, 2020 1:46 pm
20201031_132752

জনসাধাৰণক চাইকেল চলোৱাৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে শিৱসাগৰ চাইক্লিং ক্লাৱৰ বিশেষ ৰেলী।

শিৱসাগৰ চাইক্লিং ক্লাৱৰ কেইবাজনো সদস্যই আজি পুৱা শিৱসাগৰৰ পৰা মাজুলীলৈ চাইকেল চলাই এক যাত্ৰা আৰম্ভ কৰে।

ঐতিহাসিক শিৱ দ’লৰ পৰা আৰম্ভ কৰা এই চাইকেল ৰেলীৰ দলটোৱে কাইলৈ মাজুলীৰ সকলো সত্ৰ চাইকেলেৰে পৰিভ্ৰমণ কৰি পৰহিলৈ শিৱসাগৰত উপস্থিত হব।

উল্লেখ্য যে শিৱসাগৰ চাইক্লিং ক্লাৱে বিভিন্ন সময়ত এনে ধৰণৰ চাইকেল ৰেলীৰ জড়িয়তে জনসাধাৰণৰ মাজত চাইক্লিঙৰ প্ৰতি আগ্ৰহ বঢ়াবলৈ চেষ্টা কৰি আহিছে।

ইয়াৰ পূৰ্বে নাহৰকটীয়া বগীবিল আদিকে ধৰি বিভিন্ন স্থানলৈ দলটোৱে চাইক্লিং কৰিছে।

শিৱসাগৰ চাইক্লিং ক্লাৱৰ এই দলটোৱে অহা বছৰ চাইকেল চলাই লাডাখলৈ যোৱাৰ পৰিকল্পনা কৰিছে বুলি জানিবলৈ দিয়ে।