NORTHEAST NOW (Assamese)
অসম

এন আৰ চিত দেৰি লগোৱাৰ কাৰণে নতুন বুদ্ধি উলিয়াইছে বিজেপি চৰকাৰে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 10, 2019 9:45 pm
Assam NRC: BJP govt trying to delay process, says Akhil Gogoi

অখিল গগৈৰ মতে, চূড়ান্ত এন আৰ চি প্ৰকাশত পলম কৰাৰ কাৰণে বিজেপি চৰকাৰে এটা নতুন বুদ্ধি উলিয়াইছে।

কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ক দাখিল কৰা শপতনামাক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনে বুধবাৰে এই মন্তব্য কৰিছে।

‘‘এন আৰ চিক বিলম্বিত কৰিবৰ কাৰণে এক নতুন বুদ্ধি উলিয়াইছে বিজেপি চৰকাৰে। সেইটো হ’ল এন আৰ চিৰ যিবোৰ কাম-কাজ হৈ গ’ল, তাৰ উপৰিও ২০ শতাংশ পুনৰীক্ষণ হ’ব লাগে। মই ভাবো যে পৰীক্ষণ ১০০ শতাংশই হ’ব লাগে, সেইটো খাটাং। কোনো স্বদেশী যাতে বিদেশী হ’ব নোৱাৰে, কোনো বিদেশী যাতে স্বদেশী হ’ব নোৱাৰে তাৰ ওপৰত পৰীক্ষণ হ’ব লাগে। কিন্তু চৰকাৰৰ যি শপতনামা বা উদ্দেশ্য সেয়া ত্ৰুটিমুক্ত বা বিদেশীমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ কৰা নহয়। এই চৰকাৰৰ উদ্দেশ্য এন আৰ চিৰ কাম বন্ধ কৰা যেতিয়ালৈকে হিন্দু নাগৰিকসকলক নাগৰিকত্ব প্ৰদান কৰা নহয়,” গগৈয়ে কয়।

চৰকাৰৰ শপতনামাৰ উদ্দেশ্য “ষড়যন্ত্ৰমূলক, সাম্প্ৰদায়িক আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত” আখ্যা দি তেওঁ কয় যে নাগৰিকত্ব বিধেয়কে এন আৰ চিৰ গুৰুত্ব ৫০ শতাংশ কমাই দিলে।

বিজেপি চৰকাৰে শুদ্ধকৈ এন আৰ চি প্ৰস্তুত কৰিব বিচৰা নাই বুলি অভিযোগ কৰি এই প্ৰসংগত তেওঁ উচ্চতম ন্যায়ালয়ৰ “ধমক”ৰ কথা উল্লেখ কৰে।

“বিজেপি চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী নহ’বলৈ সদায় পুঁজিৰ সংকট কৰিছিলে। অৰ্থাৎ এন আৰ চিৰ ধন বন্ধ কৰি দিছিল। যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৭বাৰ ধমকৰ সন্মুখীন হৈছিল বিজেপি চৰকাৰ।”

“চৰকাৰৰ এই পদক্ষেপ জাতিটোক অধিক অস্থিৰ কৰিবৰ বাবে কৰা ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয় বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ঘোষণা কৰিলো,” তেওঁ কয়।