NORTHEAST NOW (Assamese)
অসম

১৮ৰ পৰা ২৫ জুলাইলৈ অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2019 9:03 pm
assam-assembly

অহা ১৮ জুলাইৰ পৰা ২৫ জুলাইলৈ চতুৰ্দশ অসম বিধানসভাৰ ২০১৯ বৰ্ষৰ গ্ৰীষ্মকালীন অধিৱেশন অনুষ্ঠিত হ’ব। অসম চৰকাৰৰ জনসংযোগ বিভাগে আজি এক প্ৰেছ বিজ্ঞপ্তিত যোগে এই কথা প্ৰকাশ কৰে।

বিজ্ঞপ্তিটোত উল্লেখ কৰা অনুসৰি অধিৱেশনৰ দিনসমূহৰ কাৰ্যক্ৰমনিকা তলত দিয়া ধৰণৰ :

১৮ জুলাইত অধ্যক্ষই অসম বিধান সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ ৯ (১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম ঘোষণা কৰাৰ লগতে অধ্যাদেশ, প্ৰতিবেদন, নিয়মাৱলী ইত্যাদি দাখিল কৰিব।

১৯ জুলাইত প্ৰশ্নৰ লগতে বে-চৰকাৰী সদস্যৰ বিধেয়ক, সংকল্প প্ৰস্তাৱ ইত্যাদি।

২২ জুলাইত প্ৰশ্নৰ লগতে ২০১৯-২০২০ চনৰ অসম মঞ্জুৰীৰ বাবে পৰিপূৰক দাবীসমূহৰ আৰু পৰিপূৰক বিনিয়োজনৰ ভোটদান, ২০১৯ চনৰ অসম বিনিয়োজন (নং III) বিধেয়কখন উপস্থাপন, বিবেচনা আৰু পাৰিতকৰণ।

২৩ জুলাইত প্ৰশ্ন শিতান, উপাধ্যক্ষ নিৰ্বাচন, বিধেয়ক, সংকল্প প্ৰস্তাৱ ইত্যাদি।

২৪ জুলাইত প্ৰশ্ন শিতান আৰু চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ।

২৫ জুলাইৰ অন্তীম কাৰ্যসূচীত অধ্যক্ষৰ পদক্ষেপ তথা অনিদ্দিৰ্ষ্ট কালৰ বাবে স্থগিত।