NORTHEAST NOW (Assamese)
অসম

কামৰূপ গাড়ী ডিলাৰে বাহন বিক্ৰী কৰা সময়ত গ্ৰাহকক দিব লাগিব এটাকৈ গছপুলি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2019 10:26 pm

পৰিৱেশৰ ভাৰষাম্যতা ৰক্ষা কৰাৰ উদ্দেশ্যে কামৰূপ জিলা পৰিবহণ বিভাগে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। এই অনুসৰি এতিয়াৰে পাৰ কামৰূপ জিলাৰ প্ৰতিটো গাড়ী ডিলাৰে বাহন বিক্ৰী কৰাৰ সময়ত গ্ৰহাকক দিব লাগিব এটাকৈ গছপুলি।

আজি কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত কমল কুমাৰ বৈশ্যই এই পদক্ষেপৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। গছপুলি প্ৰদানৰ মূল উদ্দেশ্য হৈছে প্ৰতি গৰাকী লোকক বৃক্ষৰোপণ আৰু লালন-পালনৰ প্ৰতি সজাগ কৰি তোলা।

উপায়ুক্ত কমল কুমাৰ বৈশ্যই ডিলাৰৰ লোকসকলক ৰাইজৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকাৰ বাবে তেওঁ গছ পুলি ৰোপণৰ বাবে আহ্বান জনায়। এই কাৰ্যৰ দ্বাৰা গছপুলি ৰোপণৰ ক্ষেত্ৰত কিছু পৰিমাণে হ’লেও সাধাৰণ ৰাইজ সজাগ হ’ব বুলি আশা প্ৰকাশ কৰিছে জিলা পৰিবহণ বিষয়া গৌতম দাসে।

আনহাতে কামৰূপ জিলা পৰিবহণ বিভাগৰ এই কাৰ্যক এতিয়া বিভিন্ন লোক তথা প্ৰকৃতি প্ৰেমী লোকে প্ৰশাংসা কৰা দেখা গৈছে।