NORTHEAST NOW (Assamese)
অসম

তামুলপুৰৰ দ্বাৰকুছিৰ নাগাৰা নামৰ শিল্পী গোপাল দাস নিৰুদ্দেশ : সম্ভেদ পালে খবৰ দিবলৈ পৰিয়ালৰ লোকৰ আহ্বান

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক October 31, 2020 2:58 pm
IMG_20201031_104656(1)

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত দ্বাৰকুছি গাঁও নিবাসী গোপাল দাস নামৰ ৬৫ বছৰীয়া এগৰাকী নাগাৰা নামৰ শিল্পী নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গোপাল দাসে যোৱা ২২ অক্টোবৰৰ দিনা দিনৰ ভাগত নিজৰ ঘৰৰ পৰা ওলাই যায়। তাৰ পিছত আৰু তেওঁ ঘৰলৈ ঘূৰি নাহিল।

পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে আৰু নিশা পৰিয়ালৰ লোকে গোপাল দাসক নলবাৰী জিলাৰ বিজুলীঘাট নামৰ গাঁৱৰ এটি সম্বন্ধীয় পলিয়ালৰ ঘৰত থকা বুলি খবৰ লাভ কৰে।

২৩ তাৰিখে পুৱা পৰিয়ালৰ লোকে বিজুলীঘাটত উপস্থিত হোৱাত বিজুলিঘাটৰ পৰিয়ালটোই গোপাল দাস পুৱা ৪-০০ মান বজাতেই কাকো নোকোৱাকৈ ঘৰৰ পৰা ওলাই যোৱা বুলি জানিবলৈ দিয়ে।

পিছত গোপাল দাসৰ পৰিয়ালৰ লোকে নালবাৰীৰণপৰা ঘূৰি আহে আৰু ২৩ অক্টোবৰত তামুলপুৰ আৰক্ষী থানাত গোপাল দাস নিৰুদ্দেশ হোৱা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে।

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি আছে যদিও শিল্পী গৰাকীৰ কোনো সম্ভেদ পোৱা নাই।

ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত লোকজনে ধুতি আৰু বগা ৰঙৰ কুৰ্টা পৰিধান কৰি আছিল।

কোনো লোকে সন্ধান পালে দ্বাৰকুছি নিবাসী ৰূপেন দাসৰ পৰিয়ালৰ লগত ৬০০২২৬৭৪৫৭ নম্বৰত যোগাযোগ কৰিবলৈ নাইবা তামুলপুৰ আৰক্ষী থানাত খবৰ দিবলৈ অনুৰোধ জনাইছে।