NORTHEAST NOW (Assamese)
অসম

ভেকচিন অবিহনেও ক’ৰ’না ভাইৰাছ নিৰ্মূল হ’ব : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 19, 2020 9:06 pm
image-1-750x375

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক’ৰ’না ভাইৰাছ ভেকচিন অবিহনে আতৰি যাব বুলি মন্তব্য কৰিছে।

‘‘ভেকচিন অবিহনেও ক’ৰ’না ভাইৰাছ নিশেষ হ’ব কিন্তু আমাৰ গৱেষক সকলে ভেকচিন প্ৰস্তুত কৰাৰ একেবাৰে ওচৰত উপস্থিত হৈছে,’’ ড’নাল্ড ট্ৰাম্পে কয়।

ৰাষ্ট্ৰপতি ট্ৰাম্পে ভেকচিন নোহোৱাকৈও ক’ৰ’নাৰ পৰা মুক্তি লাভ কৰিব পৰা যাব যদিও ভেকচিন লাভ কৰাটো ভাল লগা কথা বুলি মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়ালৈ ২১ লাখ লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

আনহাতে, ৰাছিয়া আৰু ব্ৰিটেইনত ক’ৰ’না ভাইৰাছৰ গৱেষণাই যথেষ্ট অগ্ৰগতি লাভ কৰিছে বুলি জানিব পৰা গৈছে।

ৰাছিয়াত শীঘ্ৰেই এই ভেকচিনৰ মানৱ শৰীৰত পৰীক্ষণ সম্পন্ন হ’ব বুলি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছে।