NORTHEAST NOW (Assamese)
অসম

ভাল খবৰ: দিনটোত এতিয়ালৈকে অসমত নাই নতুন ক’ভিড আক্ৰান্ত, ৩০০০ অতিক্ৰম আৰোগ্যৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 19, 2020 9:04 pm
COVID19: 2310 persons discharged in Assam on Friday

ৰাজ্যত দিনক দিনে বাঢ়ি গৈছিল ণা আক্ৰান্ত ৰোগীৰ সংখ্যা। তাৰ মাজতে আজি কিছু ব্যতিক্ৰম, কিয়নো   বৰ্তমানলৈকে আক্ৰান্ত হোৱা নাই ণা আক্ৰান্ত। তাৰ বিপৰীতে এঘণ্টাৰ ভিতৰতে ণামুক্ত হৈছে বহু ব্যক্তি।

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনাইছে এই ভাল খবৰ।

তেওঁ জনোৱা অনুসৰি আজিৰ দিনটোত ৰাজ্যত ণামুক্ত হৈছে ২১৮গৰাকী লোক।

প্ৰথম অৱস্থাত ১৯১ গৰাকী লোক ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা ণামুক্ত হৈ ঘৰলৈ উভটিছিল।

তাৰ ঠিক কিছু সময় পাছত ২৭ গৰাকী লোক ণামুক্ত হৈছে। ইয়াৰে MMCH পৰা ১৪ গৰাকী, FAAMCH পৰা ১১ গৰাকী আৰু গুৱাহাটীৰ CRPF হস্পিতালৰ পৰা দুগৰাকীক মুক্তি দিয়া হৈছে।

ইয়াকে লৈ ভিড১৯ৰ পৰা আৰোগ্য লাভ কৰা মুঠ ব্যক্তি ৩০৬৬গৰাকীলৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান সক্ৰিয় ভিড ৰোগী আছে ১৮২৬ গৰাকী।

অসমত চিনাক্ত মুঠ ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৪৬০৫ গৰাকী।

ইয়াৰে নগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।