NORTHEAST NOW (Assamese)
অসম

অপৰাধ অনুসন্ধান শাখাই গহপুৰৰ বাতমাৰিৰ পৰা আটক কৰে ১ কুখ্যাত গড় চিকাৰীক

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম October 31, 2020 9:22 pm
Screenshot_2020-10-31-19-30-17-34-01

বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডল অধীনৰ অপৰাধ অনুসন্ধান শাখাৰ এটা অভিযান কাৰী দলে অভিযান চলাই গহপুৰৰ বাতমাৰিত আটক কৰে এজন গঢ় চিকাৰীক।

লক্ষী পুজা উপলক্ষে অনুষ্ঠিত হোৱা এটা মেলাৰ পৰা গোপন সূত্ৰৰ পম খেদি  আটক কৰে কুখ্যাত গড় চিকাৰীটোক। কুখ্যাত গড় চিকাৰীজনে নাম কিশোৰ কামাং(৩৫)।

কুখ্যাত গড় চিকাৰীজনৰ ঘৰ হৈছে গহপুৰৰ বৰতামুলী গাঁৱত জানিব পৰা গৈছে।

উল্লেখ্য যে বিগত বৰ্ষত গহপুৰৰ লখৰা চাপৰিত চোৰাং চিকাৰীয়ে হত্যা কৰা গড়টোৰ মূল হত্যাকৰী তথা মুল নায়ক আছিল এই কিশোৰ কামাং।

তেতিয়াৰ পৰাই কুখ্যাত গড় চিকাৰীজন পলাতক অবস্থাত আছিল। কিন্তু আজি বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ এটা অভিযানকাৰী দলে গোপন সূত্ৰৰ পম খেদি গহপুৰৰ বাতমাৰিৰ পৰা এই কুখ্যাত গড় চিকাৰী জনক আটক কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে বিশ্বনাথ বন্য প্ৰানী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাৰ অভিযান কাৰী দলটোৱে কুখ্যাত গড় চিকাৰী জনক সোধা-পোছা অব্যাহত ৰাখিছে।