NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত বড়োলেণ্ড আৰু ৰাজস্থানৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচী সম্পন্ন

Posted by: ৰিনয় বসুমতাৰী March 11, 2018 10:49 am
Cultural-exchange-570x320

শুকুৰবাৰে নিশা কোকৰাঝাৰৰ বড়োলেণ্ড কালচাৰেল কমপ্লেক্সত বড়োলেণ্ড আৰু ৰাজস্থানৰ মাজত জনসম্পৰ্কৰ জৰিয়তে দুয়োখন ৰাজ্যৰ মাজত সম্বন্ধ উন্নত কৰাৰ লক্ষ্যৰে এক সাংস্কৃতিক বিনিময় কাৰ্যসূচী আৰু ফেশ্বন শ্ব’ কাৰ্যসূচীৰ আয়োজন কৰা হয়।

এই অনুষ্ঠানটো মুকলি কৰে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী কাম্পা বৰগয়াৰীয়ে।

উদ্বোধনী ভাষণত তেওঁ কয় যে সাংস্কৃতিক বিনিময় কাৰ্যসূচীয়ে ৰাজস্থানৰ বিষয়ে জনাত সহায় কৰিব আৰু তেওঁলোকেও লগতে বড়ো সংস্কৃতি আৰু নৃত্যৰ বিষয়ে অধিক জানিব পাৰিব।

তেওঁ লগতে কয় যে ৰাজস্থান ৰাজ্যখন সাংস্কৃতিকভাৱে চহকী আৰু আমি তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে অধিক শিকিব লাগিব আৰু আমাৰ বড়ো জনসাধাৰণেও বড়ো সংস্কৃতি অধিক বিকশিত কৰি তুলিব লাগিব।

Cultural-exchange-1-570x320

অনুষ্ঠানত উপস্থিত থকা বলীউদৰ অভিনেত্ৰী জয়া আফ্ৰোজে কয়, ‘’ মোৰ মাতৃ অসমৰ আৰু মই এই ৰাজ্যখন বহুবাৰ ভ্ৰমণ কৰিছো আৰু অসমীয়া সংস্কৃতি সম্পৰ্কে বহু জানিব পাৰিছো। মই প্ৰথমবাৰৰ বাবে ৰাজস্থান আৰু বড়োলেণ্ডৰ মাজত অনুষ্ঠিত এনেধৰণৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে বড়োলেণ্ডলৈ আহিছো। এই ইয়ালৈ আহি আনন্দিত আৰু বৰ সুখী অনুভৱ কৰিছো। এনেধৰণৰ অনুষ্ঠানে প্ৰতিভাশালী ফেশ্বন ডিজাইনাৰসকলক তেওঁলোকৰ প্ৰতিভা বিকাশত সহায় কৰাৰ লগতে বৃত্তিগতভাৱে আগবাঢ়ি যোৱাতো সহায় কৰিব।‘’

মিচেছ ইউনিভাৰ্ছ আৰ্থ কিৰেন বড়োৱে কয়, ‘’মই ৰাজস্থানৰ এম্বেছাদৰ আৰু বিটিচিৰ সহযোগত আমি সাংস্কৃতিক সম্পৰ্ক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যেৰে বড়োলেণ্ড আৰু ৰাজস্থানৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ আয়োজন কৰিছো।‘’

অনুষ্ঠানত উপস্থিত থকা অন্যান্য অতিথিসকলৰ মাজত আছিল বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য অংশুমি বড়ো, জয়পুৰৰ শ্ৰিয়া ইভেন্টছৰ চিএমডি বিকাশ পোদ্দাৰ, বিটিচিৰ সাংস্কৃতিক সচিব দীনেশ বড়ো ইত্যাদি।

অনুষ্ঠানত এক সম্বৰ্দ্ধনা কাৰ্যসূচীও গ্ৰহণ কৰা হয়। দেশৰ ভালে সংখ্যক ফেশ্বন ডিজাইনাৰ আৰু ক’ৰিওগ্ৰাফাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

বড়োলেণ্ড আৰু ৰাজস্থানৰ যুৱ দলে প্ৰদৰ্শন কৰা নিজৰ নিজৰ পৰম্পৰাগত নৃত্যশৈলীয়ে উপস্থিত দৰ্শকসকলক মুগ্ধ কৰি তোলে।