NORTHEAST NOW (Assamese)
অসম

টীয়কত ৩ শতাধিক মহিলা বিজেপিত যোগদান : সমষ্টিত বিজেপি প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ আহ্বান ৰাজ্যিক নেতৃত্বলৈ

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক November 4, 2020 6:36 am
Screenshot_2020-11-03-19-47-23_1

ভাৰতীয় জনতা পাৰ্টিৰ টীয়কৰ চিপাহীখোলা মণ্ডলৰ ২০নং গোহাঁই ফেচুৱাল পঞ্চায়তত অনুষ্ঠিত এক দলীয় সাংগঠিনক সভাত অঞ্চলটোৰ প্ৰায় তিনি শতাধিক পুৰুষ মহিলাই বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

মণ্ডল সভাপতি ৰাতুল বৰঠাকুৰৰ সভাপতিত্ব আয়োজিত এই সভাত জিলা যুৱ মৰ্চাৰ সম্পাদক আইছেং সন্দিকৈৰ নেতৃত্বত অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক যুৱক আৰু জিলা বিজেপিৰ সম্পাদিকা যুৱনেত্ৰী ৰুমী চেতীয়াৰ নেতৃত্বত শতাধিক কংগ্ৰেছৰ সমৰ্থক মহিলা যুৱশক্তিয়ে যোগদান কৰে।

উল্লেখযোগ্য যে বিগত সময়ছোৱাত সমষ্টিটোৰ বিশেষকৈ অধিকাংশ পঞ্চায়ততে মহিলাসকল ওলাই আহি বিজেপি দলত যোগদান কৰা এই কাৰ্যই অনাগত দিনত দলীয় সাংগঠিনক ভেটি অধিক সুদৃঢ় কৰিব বুলি মন্তব্য কৰিছে কৰ্মকৰ্তাসকলে।

উক্ত সভাত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য অসীম বৰুৱা, দেৱজিৎ বৰুৱা,ৰাজ্যিক যুৱ মৰ্চাৰ সম্পাদক অংকুৰ বৰুৱা, প্ৰাক্তন জিলা সভাপতি জিতু হাজৰিকা, জিলা সম্পাদক অমৰ শইকীয়াকে প্ৰমুখ্য কৰি ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে।

উল্লেখযোগ্য যে এই সভাতে ৰাজ্যিক যুৱ মৰ্চা সম্পাদক গৰাকীয়ে বৰ্তমান টীয়ক সমষ্টিত বিজেপিৰ সাংগঠনিক ভেঁটি শক্তিশালী বুলি অভিহিত কৰি ২১ ৰ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীক প্ৰাৰ্থীত দিবলৈ উৰ্ধতম কৰ্মকৰ্তাক অৱগত কৰিব বুলিও মন্তব্য প্ৰদান কৰে।